পৃষ্ঠা:গীতগোবিন্দ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪ ]

যাঁৰ ভক্তিভাৱে তুষ্ট ভৈলা দামোদৰ।
ৰাধিকাক ফুৰাইলন্ত কন্ধৰ উপৰ॥
ৰাধাৰ পৰম ৰতি মাধৱৰ ঠাই।
কৃষ্ণ বিনে যাহাৰ দণ্ডেকে যুগ যাই॥ ১৩॥
ৰাধিকা কৃষ্ণৰ নাম লন্ত অবিশ্ৰাম।
নিতে নিতে কৃষ্ণয়ো ৰাধাৰ লন্ত নাম॥
কৃষ্ণ-স্বামী মাগন্ত ৰাধিকা পুটাঞ্জলি।
ৰাধিকা বোলন্ত তুষ্ট হুয়ো বনমালী॥ ১৪॥
প্ৰকৃতি পুরুষ দুয়োৰো নাহি ভিন্ন পৰ।
কৰ্য্য কাৰণতমাত্ৰ ভিন্ন কলেৱৰ॥
তিনবিধ গোপীসনে ক্ৰীড়া মাধৱৰ।
তাসম্বাৰ পূৰ্ব্ব কথা শুনা নিৰন্তৰ॥ ১৫॥
একবিধ গোপী তাৰা গোপকন্যা বোলে।
মাধৱৰ ক্ৰীড়া হেতু জন্মিলা গোকুলে॥
আরু একবিধ তাৰা গোপকন্যাগণ।
কাত্যায়নী পূজিলা কৃষ্ণক-স্বামী মন॥ ১৬॥
তপ কৰিলন্ত কণ্ঠ-মান জলে নামি।
বৰ মাগে আমাৰ হওক কৃষ্ণ-স্বামী॥
সেহি পুণ্য ফলে তাৰা মাধৱক পাই।
ৰাসক্ৰীড়া আৰম্ভিলা বৃন্দাবনে যাই॥ ১৭॥