পৃষ্ঠা:গীতগোবিন্দ.pdf/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]

শুনা কথা পৰে ভাল অৰ্থ সমন্বিতি।
পদবন্ধে নিবন্ধিলোঁ ৰাম-সৰস্বতী (১)
পূৰ্ব্বত ৰচিলোঁ পদ অতি অনুপাম।
উদ্যোগৰ আদ্য কথা ভাগৱত নাম॥ ৪॥
ভীষ্ম-পৰ্ব্ব নিবন্ধিলোঁ ভীষ্মৰ নিৰ্যাণ।
পাছে ঘোষযাত্ৰা বনপৰ্ব্ব যাৰ নাম॥
জয়দেৱ নামে কাব্য বিৰচিলোঁ সাৰ।
শুক্ল-ধ্বজ (২) ৰাজা টীকা কৰিলন্ত যাৰ॥ ৫॥
নৰ নাৰায়ণ নন্দ প্ৰতিপ্ৰাণ ভাই।
মহাৰাজা শুক্লধ্বজ যাৰ সম নাই॥
তাহান টীকাক জিজ্ঞাসিয়ো বুধজনে।
যদি অৰ্থ নোপাৱা নিন্দিবা মোক মনে॥ ৬॥
জয়দেৱ আদ্য শ্লোক শুনিয়ো প্ৰৱন্ধে।
ৰাধিকাক আদেশ কৰিলা গৈয়া নন্দে॥
দেখা ৰাধা আকাশত মেঘেৰ আকাৰ।
তমালতি বৃক্ষে ভূমি দেখি অন্ধকাৰ॥ ৭॥


 (১) অন্য নাম অনন্ত কন্দলী
 (২) অন্য নাম চিলাৰায় কুচবেহাৰেৰ নৰনাৰায়ণ ৰাজ তলতীয়া ভায়েক। বিজলী ৰাজবংশৰ আদি পুরুষ।