সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিপ্পনী॥-- ( ৪৫) ইন্দ্ৰিয়বিলাকৰ মাজত কামভার ব্যাপ্ত হোৱাৰ কাৰণে মন মলিন হৈ যায়, ইয়াৰ বিৱেকশক্তি মন্দ হয়, তাৰ পৰা জ্ঞান নাশ হয় । ২য় অধ্যায়ৰ ৬২-৬৪ শ্লোক চাওক ৷ তস্মাৎ ত্বমিন্দ্রিয়াণ্যাদৌ নিয়ম্য ভৰতৰ্ষভ ! । পাদ্মানং প্রজহি হোনং জ্ঞানৱিজ্ঞাননাশনম্ ৷৷ ৪১ কি হে ভৰতৰ্ষত ! সেই কাৰণে তুমি প্রথমে ইন্দ্রিয়বিলাক সংযত ৰাখি, জ্ঞান আৰু অনুভৱ নাশকাৰী এই পাপীক (কাম ) নিশ্চয় ত্যাগ কৰা । ৪১ ॥ ইন্দ্ৰিয়াণি পৰাণ্যাহুৰিন্দ্ৰিয়েভ্যঃ পৰং মনঃ । মনসস্তু পৰা বুদ্ধির্যো বুদ্ধেঃ পৰতস্তু সঃ ৷৷ ৪২ মন । ইন্দ্রিয়বিলাক সূক্ষ্ম । তাতকৈয়ো অধিক সূক্ষ্ম তাতকৈয়ো অধিক সূক্ষ্ম বুদ্ধি। বুদ্ধিতকৈয়ো যি সূক্ষ্মতৰ, সি আত্মা ॥৪২। টিপ্পনী ॥ — তাৎপর্য্য এই যে যদি ইন্দ্রয়বিলাক বশত থাকে, সূক্ষ্ম কাম জয় কৰা সহজ হৈ পৰে ৷৷ এবং বুদ্ধেঃ পরং বুদ্ধা সংস্তভ্যাত্মানমাত্মনা । জহি শত্রুং মহাবাহো ! কামৰূপং দুৰাসদম্ ॥ ৪৩ এইদৰে বুদ্ধিৰ অতীত আত্মাক ভালকৈ চিনি লৈ আৰু আত্মাৰ দ্বাৰা মনক বশীভূত কৰিছে মহাবাহু, কামৰূপী দুর্জয় শত্রুক সংহাৰ কৰা ৷৷ ৪৩।