শ্রীভগবামুবাচ— ( 88 ) কাম এষ ক্রোধ এষ ৰজোগুণসমুদ্ভৱঃ । মহাশনো মহাপাপন্ন৷ ৱিদ্ধ্যেনমিহ ৱৈৰিণম্ ॥ ৩৭ “ৰজোগুণৰ পৰা উৎপন্ন হোৱা কাম আৰু ক্রোধেই ইয়াৰ প্ৰেৰক । ইহঁতৰ কেতিয়াও পেট নভবে । ইহঁত মহাপাপী, সেইকাৰণেই ইহঁতক ইহ জগতত শত্রু বুলি জ্ঞান কৰিবা ।” – ভগবানে কলে । টিপ্পনী ॥— কামেই বোলক বা ক্রোধেই বোলক - আমাৰ অন্তৰত থকা এই বৃত্তিবিলাকেই আমাৰ প্ৰধান শত্ৰু ; ধূমেনারিয়তে ৱহিৰ্যথাদর্শো মলেন চ। যথোল্বেনাৱ তো গৰ্ভস্তথা তেনেদমাৱ তম্ ৷৷ ৩৮ “যেনেকৈ ধোৱাৰ দ্বাৰা অগ্নি, অথবা মলিৰ দ্বাৰা আৰ্চা কিম্বা গৰ্ভাৱৰ্ণৰ মাজত গৰ্ভ ঢক৷ থাকে, সেই কামাদিৰূপ শত্ৰুৰ দ্বাৰাই এই জ্ঞান ঢকা থাকে । আর তং জ্ঞানমেতেন জ্ঞানিনে। নিতাৱৈৰিণা । কামৰূপেণ কৌন্তেয় ! দুপূৰেণানলেন চ ৷৷ ৩৯ হে কৌন্তেয়! অতৃপ্ত কামৰূপ অগ্নি নিত্যৰ শত্ৰু । ইয়াৰ দ্বাৰা জ্ঞানীৰ জ্ঞানো ঢকা থাকে । ইন্দ্ৰিয়াণি মনে৷ বুদ্ধিস্যাধিষ্ঠানমুচ্যতে । এতৈর্রিমোহয়ত্যেষ জ্ঞানমার্ত্য দেহিনম্ ॥ ৪০ ইন্দ্রিয়, মন আৰু বুদ্ধি এয়ে শত্ৰুৰ থকা ঠাই। এই বিলাকেৰে জ্ঞান ঢাকি ৰাখি এই শত্ৰুৱে দেহধাৰী লোকক বিমোহিত কৰে ৷
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৬৬
অৱয়ব