(৩৯) যদি হ্যহং ন ৱৰ্ত্তেয়ং জাতু কৰ্ম্মণ্যতন্দ্রিতঃ । মম ৱৰ্ম্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পার্থ! সৱ'শঃ ৷৷ ২৩ “যদি মই কেতিয়াবা এলাহ এৰি উশাহ লবলৈকো পাহৰি কৰ্ম্মত লাগি নাথাকোঁ, তেন্তে হে পার্থ, সকলো প্ৰকাৰে মানুহে মোৰ আচৰণ অমুকৰণ কৰিবলৈ ধৰিব ৷ ২৩ ॥ উৎসীদেয়ুৰিমে লোকা ন কুৰ্য্যাং কৰ্ম্ম চেদহম্ । সঙ্কস্য চ কৰ্ত্তা স্যামুপহন্যামিমাঃ প্রজাঃ ৷৷ ২৪ “যদি মই কৰ্ম্ম নকৰোঁ, তেন্তে ইহজগত ভ্ৰষ্ট হৈ যাব ; মই এই (বেমেজালিৰ ) অব্যৱস্থাৰ কৰ্ত্তা হওঁ আৰু মই সকলো লোককে নাশ কৰা হয় ৷ ২৪ ॥ সত্তাঃ কৰ্ম্মণ্যৱিদ্বাংসো যথা কুৱন্তি ভাৰত ! . কুৰ্য্যাদ্বিদ্বাংস্তথাসক্তশ্চিকীৰ্য লোকসংগ্ৰহম্ ॥ ২৫ “হে ভাৰত! যেনেকৈ অজ্ঞানীলোকে আসক্ত হৈ কাম কৰে, তেনেকৈ জ্ঞানীলোকে আসক্তিশূন্য হৈ লোককল্যাণ কৰিবৰ অভিপ্রায়ে সকলো কাম কৰিব লাগে ৷ ২৫ ॥ ন বুদ্ধিভেদং জনয়েদজ্ঞানাং কৰ্ম্মসঙ্গিনাম্। যোজয়েৎ সৱ কৰ্ম্মাণি ৱিদ্বান্ যুক্তঃ সমাচন্ ॥ ২৬ “কৰ্ম্মত আসক্ত থকা অজ্ঞানী লোকৰ বুদ্ধিশে জ্ঞানীলোকে যেন আক্রমণ নকৰে ( বিমোৰত নেপেলায় ) ; বৰং নিজে ভাবেরে ভালকৈ কাম কৰি এই সকলকো কামত লগায় ॥ ২৬ ॥ সত্ব
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৬১
অৱয়ব