সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(-90) D ন মে পাৰ্থাস্তি কৰ্ত্তং ত্রিষু লোকেষু কিঞ্চন । নানৱাপ্তমৱাপ্তং ৱৰ্ত্ত এর চ কৰ্ম্মণি ৷৷ ২২ “হে পার্থ ! মোৰ এই তিনিলোকত কৰিবলগীয়া একো নাই পাবলগীয়াও একো বাকী নাই। তথাপি মই কৰ্ম্মত প্ৰবৃত্ত হৈ আছো ॥ ২২ ৷ টিপ্পনী :- সূৰ্য্য, চন্দ্র, পৃথিৱী ইত্যাদিৰ নিৰৰ্ত্তৰ আৰু স্বাভাৱিক গতি ঈশ্বৰৰ কৰ্ম্ম বুলি ধৰা হয়। এই কৰ্ম্ম মানসিক নহয় ; শাৰীৰিক বুলি ক'ব পাৰি। ঈশ্বৰ নিৰাকাৰ হোৱা হেতুকে শৰীৰী কৰ্ম্ম কেনেকৈ কৰে, এনে সন্দেহৰ ঠাই নাই । হলেও শৰীৰধাৰীৰ দৰে আচৰণ কৰা সেই কাৰণে তেওঁ কৰ্ম্ম কৰা সত্বেও কিয়নো তেওঁ অশৰীৰী দেখিবলৈ পোৱা যায় । অকৰ্মী আৰু অলিপ্ত । মানুহে ইয়াকে বুজিব লাগে যে যেনেকৈ ঈশ্বৰৰ প্ৰত্যেক ক্বতি- য়েই (স্বপ্রকাশবান কাৰ্য্যয়েই) যন্ত্রবৎ কাম কৰি আছে সেইদৰে মানুহেও বুদ্ধিপূর্ব্বক অথচ যন্ত্ৰৰ দৰে নিয়ম মতে কাম কৰা উচিত। যন্ত্ৰৰ গতি অগ্ৰাহ্য কৰি স্বেচ্ছাচাৰী হোৱাটো মাছৰ বিশেষত্ব নহয় । বৰং জ্ঞানপূৰ্ব্বক সেই গতিৰ অমুকৰণ কৰাতহে যন্ত্ৰৰ বিশেষত্ব থাকে । অলিপ্ত থাকি, সঙ্গৰহিত হৈ যন্ত্ৰৰ দৰে কাৰ্য্য কৰিলে ইয়াৰ (মনুষ্যত্বৰ) ক্ষয় নহয় । মৰণ কাল পৰ্য্যস্ত ই সতেজ হৈ থাকে । দেহৰ নিয়মমতে দেহ সময়মতে নষ্ট হবই । কিন্তু তাৰ অন্তৰৰ আত্মা একেদৰেই