সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭ ) যস্তদাত্মৰতিৰেৱ স্যাদাত্মতৃপ্তশ্চ মানৱঃ। আত্মন্যের চ সন্তুষ্টস্তস্য কাৰ্য্যং ন বিদ্যতে ॥ ১৭ "অথচ যি মানুহে আত্মাত ৰমণ কৰি থাকে, ( আনন্দ পাই থাকে ) যি জনে তাতেই তৃপ্ত হৈ থাকে আৰু তাতেই সন্তোষ অনুভৱ কৰে, তেওঁৰ তাক কৰিবলৈ একো বাকী নাথাকে ৷৷ ১৭ ৷৷ নৈৱ তস্য ক্বতেনার্থো নাক্বতেনেহ কশ্চন । ন চাস্য সৱ ভূতেষু কশ্চিদৰ্থৱ্যপাশ্রয়ঃ ॥ ১৮ “কৰ্ম্ম কৰা নক্ৰাত তেওঁৰ অলপে৷ স্বাৰ্থ নাথাকে, (সকলো জীৱৰ লগত ) ভূতমাত্র বিষয়তো তেওঁৰ নিজ স্বাৰ্থ একো নাই ৷৷ ১৮ ৷৷ তস্মাদসত্ত্বঃ সততং কার্য্যং কৰ্ম্ম সমাচৰ ৷ অসক্ৰোহ্যাচৰ কৰ্ম্ম পৰমাপ্নোতিপূৰুষঃ ৷৷ ১৯ “সেইকাৰণে তুমি সঙ্গবহিত হৈ সদায় কৰ্ত্তব্য কৰ্ম্ম কৰি থাকা। আসক্তিশূন্য হৈ কৰ্ম্ম কৰা পুৰুষে মোক্ষ পায় ৷ ১৯ ॥ কৰ্ম্মণৈৱ হি সংসিদ্ধিমাস্থিতা জনকাদয়ঃ । লোকসংগ্রহমেৱাপি সংপশ্যন্ কৰ্ত্ত মহসি ॥ ২০ “জনকাদি ঋষিসকলে কৰ্ম্মৰ পৰাই পৰমসিদ্ধি লাভ কৰিছিল । লোক-সংগ্রহ বিষয়ে চালেও তোমাৰ কৰ্ম্ম কৰা কৰ্ত্তব্য ৷৷ ২০ ॥ যদ্ যদাচৰতি শ্ৰেষ্ঠস্তত্তদেৱেতৰো জনঃ। স যৎপ্রমাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে ৷৷ ২১ “শ্রেষ্ঠ পুৰুষসকলে যি যি আচৰণ কৰে, সাধাৰণ লোকে তাকে অনুসৰণ কৰে, এই সকলে যি দৰে প্ৰমাণ কৰি দিয়ে, তাকেই সাধাৰণ লোকে অনুকৰণ কৰে ॥ ২১

  • লোকসংগ্রহ - লোকক স্বধৰ্ম্মত প্ৰবৃত্ত কৰোৱা । জগতৰ কল্যাণৰ

কাৰণে কাম কৰা ৷