সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩৬ ) যজ্ঞশিষ্টাশিনঃ সন্তে৷ মুচ্যন্তে সৰ্ব্বকিল্বিষৈঃ। ভুঞ্জতে তে ত্বঘং পাপা যে পচন্ত্যাত্মকাৰণাৎ ৷৷ ১৩ টিপ্পনী :- ইয়াত দেৱতাৰ অৰ্থ হৈছে - ভূতমাত্রই ঈশ্বৰৰ সৃষ্টি । ভূত মাত্ৰৰে সেৱাই দেৱসেৱা আৰু এয়েই যজ্ঞ। “যজ্ঞৰ অৱশেষ যিজনে গ্ৰহণ কৰে তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ যায়। কিন্তু যিজনে নিজৰ কাৰণে পাপ কৰে তেওঁ পাপ ভোজন কৰে । ১৩ ॥ অন্নাদ্ভৱন্তি ভূতানি পৰ্জ্জন্যাদসম্ভৱঃ । যজ্ঞাদ্ভৱতি পৰ্জ্জন্যো যজ্ঞঃ কৰ্ম্মসমুদ্ভৱঃ ॥ ১৪ “অন্নৰ পৰা ভূতমাত্ৰৰেই সৃষ্টি হৈছে, অন্ন বৰষুণৰ পৰা উৎ— পন্ন হৈছে, ৰষুণ যজ্ঞৰ পৰা হয় আৰু যজ্ঞ কৰ্ম্মৰ পৰা হয় ৷ ১৪ ॥ কৰ্ম্ম ব্রহ্মোদ্ভৱং ৱিদ্ধি ব্ৰহ্মাক্ষসমুদ্ভৱম্ । তস্মাৎ সৱ গতং ব্রহ্ম নিত্যং যজ্ঞে প্রতিষ্ঠিতম্ ॥ ১৫ “তুমি বুজিবা যে কৰ্ম্ম প্রকৃতিৰ পৰা উৎপন্ন হয়, প্রকৃতি অক্ষৰ ব্ৰহ্মৰ পৰা আৰু সেইকাৰণে সৰ্ব্বব্যাপক ব্রহ্ম সদায় যজ্ঞতেই থাকে ৷ ১৫ ॥ এবং প্রৱৰ্ত্তিতং চক্রং নানুৱৰ্ত্তয়তীহ যঃ। অঘায়ুৰিন্দ্ৰিয়াৰামো মোঘং পার্থ ! স জীৱতি ৷৷ ১৬ “এইদৰে প্ৰৱৰ্ত্তিত চক্র যিলোকে অনুসৰণ নকৰে, তেওঁ নিজৰ জীৱন পাপেৰে পূৰ্ণ কৰে, ইন্দ্ৰিয়ৰ দুখত ডুব গৈ থাক আৰু হে পার্থ! তেওঁ বৃথা জীৱন ধাৰণ কৰে ৷৷ ১৬ ||