(৩৫) যজ্ঞার্থাৎ কৰ্ম্মণোহন্যত্র লোকোঽয়ং কৰ্ম্মবন্ধনঃ । তদর্থং কৰ্ম্ম কৌন্তেয় ! মুক্তসঙ্গঃ সমাচৰ ৷ ৯ “যজ্ঞৰ কাৰণে কৰা কৰ্ম্মৰ বাহিৰে অন্য কাম কৰাৰ পৰা .ইহলোকত বন্ধন উৎপাদন কৰে । সেই কাৰণে হে কৌন্তেয় ! তুমি ৰাগৰহিত হৈ যজ্ঞৰ কাৰণে কাম কৰা । ॥॥ টিপ্পনী— “যজ্ঞ” অৰ্থত পৰোপকাৰৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে কৰা কাম ৷ সহযজ্ঞাঃ প্রজাঃ সৃষ্ট। পুৰোৱাচ প্রজাপতিঃ । অনেন প্রসৱিষ্যধ্বমেষ ৱোহস্তি,ষ্টকামধুক্ ॥ ১০ "যজ্ঞৰ লগতে প্রজাকো জন্ম দি প্রজাপতি ব্রহ্মাই কলে - “এই যজ্ঞৰদ্বাৰা তোমালোকৰ বৃদ্ধি হওক এয়ে তোমালোকক অভিলাষতে ফল দিয়ক” ॥ ১০॥ দেৱান্ ভাৱয়তানেন তে দেৱা ভাৱয়ন্ত ৱঃ । পৰস্পৰং ভাৱয়ন্তঃ শ্রেয়ঃ পৰমৱাপ্স্যথ ৷৷ ১১ “তোমালোকে যজ্ঞৰ দ্বাৰা দেৱতাসকলক পোষণ কৰা আৰু দেৱতাসকলেও তোমালোকক পোষণ কৰিব। এইদৰে ইজনে সিজনক প্রতিপালন কৰি তুমি পৰম কল্যাণ লাভ কৰিবা” ॥১১৷৷ ইষ্টান্ ভোগান্ হি ৱো দেৱা দাস্যন্তে যজ্ঞভাৱিতা । তৈদত্তানপ্রদায়ৈভ্যো যো ভুঙক্তে স্তেন এর সঃ ৷৷ ১২ “যজ্ঞদ্বাৰা সন্তুষ্ট হোৱা দেৱতাই তোমালোকে বিচৰা মতে ভোগ্য বস্তু দিব। তেওঁলোকক তাৰ পৰিবৰ্ত্তে একো নিদিয়াকৈ তেওঁলোকৰ বস্তু যিজনে ভোগ কৰিব সি অৱশ্যে চোৰ ॥ ১২॥ 8
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৫৭
অৱয়ব