সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিপ্পনী : - ( ৩২ ) অৰ্জ্জুন বিমোৰত পৰি গৈছে । কাৰণ এফালে তেওঁক ভগবানে কৰ্ম্ম-পৰায়ণ হ'বলৈ প্ৰেৰণা দিছে আৰু আনপিনে ২য় অধ্যায় ৪৫-৫০ শ্লোকত কৰ্ম্ম-ত্যাগৰ আভাস দিছে। ভগবানে এতিয়। বুজাই কব যে গভীৰ বিচাৰত তেনে নহয় । শ্রীভগবানুবাচ :— লোকেঽস্মিন্ দ্বিৱিধ৷ নিষ্ঠ৷ পুৰা প্রোক্তা ময়ানঘ ! ৷ জ্ঞানযোগেন সাখ্যানাং কৰ্ম্মযোগেন যোগিনাম্ ৷৷ ৩ ভগবানে ক'লে –“হে পাপৰহিত। ইহলোক সম্বন্ধে মই আগতে দুই অৱস্থাৰ কথা কৈছো। এক হৈছে জ্ঞান-যোগৰ দ্বাৰা সাংখ্য সকলৰ (জ্ঞানীসকলৰ আৰু দ্বিতীয় কৰ্ম্মযোগৰ দ্বাৰা যোগীসকলৰ ) । ন কুৰ্ম্মণামনাৰম্ভান্নৈষ্কর্ম্মাং পুৰুষোহশ তে । ন চ সন্ন্যসনাদের সিদ্ধিং সমধিগচ্ছতি ॥ ৪ 1121 "" কৰ্ম্ম আৰম্ভ নকৰাতে মানুহে নিষ্কর্ম্মতা অদ্ভুভৱ কৰিব নোৱাৰে আৰু বাহ্যিক ত্যাগৰ দ্বাৰা মোক্ষ পাব নোৱাৰে৷ ॥৪॥ টিপ্পনীঃ-- নিষ্কৰ্ম্মতাৰ অৰ্থ মন, বাক্য আৰু শৰীৰৰ দ্বাৰাই কাম নকৰা । এনে নিষ্কৰ্ম্মতাৰ অনুভৱ কাম নকৰাকৈ কোনেও পাব নোৱাৰে ৷ তেন্তে এই অনুভৱ কেনেকৈ হ'ব পাৰে সেইটো এতিয়া দেখুৱা যাব ৷ ন হি কশ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্যকর্ম্মকৃৎ। কাৰ্য্যতে হ্যৱশ: কৰ্ম্ম সৱ প্ৰকৃতিজৈগু গুণৈঃ ॥ . 11 7 “বাস্তৱতে কোনেও এক ক্ষণ মাত্রও কৰ্ম্ম নকৰাকৈ থাকিব নোৱাৰে। প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা গুণে প্রত্যেক মানুহকে কৰ্ম্ম কৰিবলৈ বাধ্য কৰায় ॥৫॥