(16) আপূর্য্যমাণমচল প্রতিষ্ঠং সমুদ্রমাপঃ প্ৰৱিশন্তি যদ্বৎ । তদ্বৎ কামা যং প্রবিশন্তি সৱে স শান্তিমাপ্নোতি ন কামকামী । ৭০ অনেক নদী সাগৰত পৰি ভৰপূৰ হৈ থকা সত্বেও যেনেকৈ সমুদ্র অচল অটল হৈয়ে থাকে সেই দৰে যি মানুহৰ সংসাৰত ভোগ শাস্ত হৈ গৈছে তেওঁ থকা লোকে পাব নোৱাৰে ৷ শাস্তি পাইছে। কিন্তু কামনা 1190 ৱিহায় কামান্ যঃ সৱান্ পুমাংশ্চৰতি নিস্পৃহঃ নিৰ্ম্মমো নিৰহঙ্কাৰঃ স শান্তিমধিগচ্ছতি ॥ ৭১ সকলো কামনা পৰিত্যাগ কৰি যি পুৰুষে ইচ্ছা, মমতা আৰু অহঙ্কাৰ ৰহিত হৈ চলে, সেই লোকেই শান্তি পায় ৷ ॥৭॥ এষা ব্রাহ্মী স্থিতিঃ পার্থ! নৈনাং প্রাপ্য ৱিমুহাতি । স্থিত্বাঽস্যামন্তকাল্ঽেপি ব্রহ্মনিৱাণমৃচ্ছতি ॥ १২ হে পার্থ! ঈশ্বৰক চিনি পোৱা অৱস্থা এনে ধৰণেই হয় এনে অৱস্থা পোৱাৰ পিচত তেওঁ মোহৰ বশ নহয় আৰু মৃত্যু কালতো যদি এনে স্থিতিতেই থাকে, তেকে তেওঁ ব্ৰহ্ম নির্ব্বাপ প্রাপ্ত হয়। 119211 ওম্ তৎ সৎ। এইদৰে শ্ৰীমদ্ভাগৱতৰূপী উপ নবদ অর্থাৎ ব্রহ্মবিদ্যান্তর্গত যোগশাস্ত্ৰৰ শ্ৰীকৃষ্ণ-অৰ্জ্জুন সংবাদৰ সাংখ্য-যোগ নামক ২য় অধ্যায় সমাপ্ত হ'ল।
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৫২
অৱয়ব