টিপ্পনী :- 27 ) এই শ্লোকত উপবাস আদিক নিষেধ কৰা হোৱা নাই, বৰং ইয়াৰ সীমাহে নিৰ্দ্ধাৰণ কৰিছে। বিষয়বৃত্তি শান্ত কৰিবলৈ উপবাস আদিৰ আৱশ্যক আছে। কিন্তু ইয়াৰ মূল অৰ্থাৎ তাত থকা ৰস কেৱল ঈশ্বৰৰ সাক্ষাতকাৰ হ'লেহে শান্ত হয়। ঈশ্বর সাক্ষাতকাৰৰ ৰস যিজনে পাইছে তেওঁ আন সকলো ৰস পাহৰি যায়। ॥৫৯৷ যততো হাপি কৌন্তেয় ! পুৰুষস্য বিপশ্চিতঃ । ইন্দ্রিয়াণি প্রমার্থীনি * হৰন্তি প্ৰসভং মনঃ ॥৬০ হে কৌন্তেয় ! যোগৰত পুৰুষসকলে চেষ্টা কৰা সত্ত্বেও ইন্দ্ৰিয় এনে মন্থনকাৰী যে তেওঁৰ মনো জোৰকৈ হৰি লৈ যায় । ||৬০ || তানি সৱাণি সংযম্য যুক্ত আসীত মৎপৰঃ । ৱশে হি যস্যেন্দ্রিয়াণি তস্য প্রজ্ঞা প্রতিষ্ঠিতা ৷৷ ৬১ এই ইন্দ্রিয়বিলাক বশ কৰি যোগীয়ে মোত তন্ময় • থাকিব লাগে । কাৰণ যিজনৰ ইন্দ্ৰিয় বশত থাকে, তেওঁৰ বুদ্ধি স্থিৰ হয়। ॥৬১৷ টিপ্পনী :- তাৎপর্য্য এই যে ভক্তি বিনে, ঈশ্বৰৰ সহায়তা বিনে মানুহৰ সকলো যত্ন মিছা । ধ্যায়তো ৱিষয়ান্ পুংসঃ সঙ্গস্তেষ পজায়তে । সিঙ্গাৎ সংজায়তে কামঃ কামাৎ ক্রোধোঽভিজায়তে ৷৷ ৬২ বিষয় চিন্তা কৰা লোকৰ বিষয়ত আসক্তি জন্মে ; আসক্তিৰ পৰা কামনা হয় আৰু কামনাৰ পৰা ক্রোধ উৎপন্ন হয়। ॥৬২॥
- প্রমার্থীনি অর্থাৎ বলবান ;