(-25 অৰ্জ্জুন উবাচ। স্থিতপ্রজ্ঞস্য কা ভাষা সমাধিস্থস্য কেশৱ ! স্থিতধীঃ কিং প্রভাষেত কিমাসীত এজেত কিম্ ? ॥ ৫৪ অৰ্জ্জুনে ক'লে,–হে কেশৱ ! স্থিতপ্রজ্ঞ নাইবা সমাধিস্থ পুৰুষৰ লক্ষণ কি কি হয় ? স্থিতপ্রজ্ঞই কেনেদৰে কথা কয়, কেনেভাবে থাকে আৰু কিদৰে চলে ? ৫৪॥ শ্রীভগবান উবাচ প্রজহাতি যদা কামান্ সৱান পার্থ ! মনোগতান্ । আত্মন্যেৱাত্মনা তুষ্টঃ স্থিতপ্রজ্ঞতদোচ্যতে ॥ ৫৫ শ্রীভগবানে ক'লে—হে পার্থ! যেতিয়া মাছে মনত উদ্ভৱ হোৱা সকলো কামনাকে ত্যাগ কৰে আৰু আত্মাৰ দ্বাৰাই আত্মাতে সন্তুষ্ট হৈ থাকে, তেতিয়া তেওঁকেই স্থিতপ্রজ্ঞ পুৰুষ বোলা হয় ৷ ৫৫ ৷ টিপ্পনী :— আত্মাতেই আত্মাই সন্তুষ্ট থাকিব লাগে ; অর্থাৎ আত্মাৰ আনন্দ অন্তৰতেই বিচাৰিব লাগে । সুখ-দুঃখদায়ক বাহিৰা বস্তুক আনন্দৰ আধাৰ বুলি ধৰিব নালাগে । আনন্দ যে সুখতকৈ বেলেগ বস্তু এইটো ধ্যানত অনুভৱসিদ্ধ কৰা আৱশ্যক। মই, মোৰ টকা পয়চা হ'লে সুখ হ'ব এইদৰে ভৰাই মোহ। মই ভিক্ষাৰী হওঁ, খাবলৈ নাপাই দুখত পৰি থাকো তথাপি মই চুৰ নকৰোঁ বা আন প্রলোভনত নপৰোঁ, এনে বিচাৰত মোৰ যি আনন্দ হয় সেয়ে আত্ম-সস্তোষ ৷
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৪৭
অৱয়ব