(৬) য এনং ৱেত্তি হন্তাৰং যশ্চৈনং মন্যতে হতম্ । উভৌ তৌ ন ৱিজানীতে। নায়ং হন্তি ন হন্যতে ॥১৯ “যিজনে নিজকে হন্তা বুলি মানে আৰু যিজনে আন দ্বাৰা তেওঁৰ বধ হ'ব পাৰে বুলি ভাবে এওঁলোক উভয়েই একো নাজানে অর্থাৎ ভুল কৰে ৷১৯৷ ন জায়তে ম্রিয়তে ৱা কদাচি- ন্নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ । অজো নিত্যঃ শাশ্বতোইয়ং পুৰাণো ন হন্যতে হন্যমানে শৰীৰে ॥২০ “যি কেতিয়াও নজন্মে, সি নমৰে। এনেকুৱাও নহয় যে ই আগেয়ে আছিল আৰু ভৱিষ্যতে নোহোৱা হ'ব। এই কারণে ই জন্মৰহিত, নিত্য, শাশ্বত, আৰু পুৰাতন হয় । শৰীৰ নাশ হলেও ইয়াৰ নাশ নহয় ॥২০॥ ৱেদাৱিনাশিনং নিত্যং য এনমজময়ম্। কথং স পুৰুষঃ পার্থ! কং ঘাতয়তি হন্তি কম্ ॥২ ১ “হে পার্থ, যি পুৰুষে আত্মাক অবিনাশী, নিত্য, জন্মবহিত আৰু অব্যয় বুলি মানি লয়, তেওঁ কাক কেনেকৈ বধ কৰায় আৰু কাকেই বা বধ কৰে ? ॥২১॥ রাসাংসি জীর্ণানি যথা ৱিহায় নৱানি গৃহাতি নৰোহপৰাণি । তথা শৰীৰাণি বিহায় জীৰ্ণা- ন্যন্যানি সংযাতি নরানি দেহী ॥ ২২ “যেনেকৈ মানুহে পুৰণি বস্ত্ৰ পৰিত্যাগ কৰি নতুন পিন্ধে,-
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৩৮
অৱয়ব