(১৫) মাত্রাস্পর্শ।স্ত কৌন্তেয়! শীতোষ্ণ সুখদুঃখদাঃ ৷ আগমাপায়িনোঽনিত্যাস্তাংস্তিতিক্ষস্ব ভাবত ॥১৪ “হে কৌন্তেয়, ইন্দ্রিয়বিলাকৰ স্পৰ্শই শীত, উষ্ণ, দুখ আৰু দুখ দিয়ে। ই আচলতে অনিত্য, আহে আৰু যায় ৷ ইয়াক তুমি সহ্য কৰা ॥ ॥ যং হি ন থয়ন্ত্যেতে পুৰুষং পুৰুষৰ্ষভ ! । সমদুঃখসুখং ধীৰং সোহমৃতত্বায় কল্পতে ॥১৫ “হে পুরুষশ্রেষ্ঠ, সুখদুখত সমভাবে থাকিব পৰা যি বুদ্ধিমান পুৰুষক এই বিষয়ে (ইন্দ্রিয় স্পর্শ) ব্যাকুল নকৰে, তেনেলোক মোক্ষ পাবৰ যোগ্য হয় ॥১৫ ॥ নাসতো বিদ্যতে ভাৱো নাভাৱো বিদ্যতে সতঃ। উভয়োৰপি দৃষ্টোহন্তস্থনয়োস্তত্ত্বদর্শিভিঃ ॥১৬ “অসত্যৰ অস্তিত্ব নাই আৰু সত্যৰ বিনাশ নাই। জ্ঞানী- জনে এই দুয়োৰে নিৰ্ণয় উপলব্ধি কৰিছে ॥১৬॥ অৱিনাশি তু তদ্ ৱিদ্ধি যেন সৱ মিদং ততম্। ৱিনাশমৱয়স্যাস্য ন কশ্চিৎ কৰ্ত্ত মহতি ॥১৭ “যাৰ দ্বাৰা এই অখিল জগত ব্যাপ্ত হৈ আছে, তেওঁক তুমি অবিনাশী বুলি জানিবা । এনে অব্যয়ক নাশ কৰিবলৈ কাৰো শক্তি নাই ॥১৭ অন্তৱন্ত ইমে দেহা নিত্য্যোক্তাঃ শৰীৰিণঃ । অনাশিনোঽপ্রমেয়স্য তস্মাদ্ যুধ্যস্ব ভাৰত ॥১৮ “নিত্য, অন্তহীন আৰু অবিনাশী দেছীকেই (আত্মা) নশ্বৰ শৰীৰ বুলি কোৱা হৈছে। সেই কাৰণে হে ভাৰত ! তুমি উঠা আৰু যুঁজ কৰা ৷৷১৮৷৷
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৩৭
অৱয়ব