গোবিন্দক এইদৰে কলে,—‘মই যুঁজ নকৰোঁ।'—এইবুলি কৈ তেওঁ মৌন হ'ল॥৯॥
তমুৱাচ হৃষীকেশঃ প্ৰহসন্নিৱ ভাৰত!
সেনয়োৰুভয়োৰ্মধ্যে ৱিষীদন্তমিদং ৱচঃ॥১০
হে ভাৰত! এই দুয়ো সেনাৰ মাজত উদাস হৈ বহি থকা অৰ্জ্জুনক হৃষীকেশে হাঁহি মাৰি এইদৰে কলে॥১০॥
শ্ৰীভগবান উবাচ॥
অশোচ্যানন্বশোচস্ত্বং প্ৰজ্ঞাৱাদাংশ্চ ভাষসে।
গতাসূনগতাসূংশ্চ নানুশোচন্তি পণ্ডিতাঃ॥১১
শ্ৰীভগবানে ক’লে.— “তুমি শোক কৰিব নলগা বিষয়ত শোক কৰিছা, অথচ পণ্ডিতৰ দৰে কথা কৈছা। কিন্তু পণ্ডিতে মৰিবলগীয়া নাইবা জীয়াই থকা লোকৰ কাৰণে শোক নকৰে॥১১॥
ন ত্বেৱাহং জাতু নাসং ন ত্বং নেমে জনাধিপাঃ।
ন চৈৱ ন ভৱিষ্যামঃ সৰ্ৱে ৱয়মতঃ পৰম্॥১২
“কাৰণ বাস্তৱতে চাবলৈ গলে মই, তুমি অথবা এই ৰজাসকল কোনো কালতেই নাছিল, বা ভৱিষ্যতেও নহব —এনে নহয়॥ ১২॥
দেহিনোঽস্মিন্ যথা দেহে কৌমাৰং যৌৱনং জৰা।
তথা দেহান্তৰপ্ৰাপ্তিৰ্ধীৰস্তত্ৰ ন মুহাতি॥১৩
“দেহধাৰীসকলৰ শৰীৰ যেনেকৈ কৌমাৰ, যৌৱন আৰু জৰাগ্ৰস্ত হয়, তেনেকৈ মৰণৰ পাছত অন্য দেহো পায়৷ ইয়াৰ (দেহৰ ওপৰত বুদ্ধিমান পুৰুষে কেতিয়াও মোহ নাৰাখে॥ ১৩॥