(১৪) গোবিন্দক এইদৰে কলে,—‘মই যুঁজ নকৰোঁ।'—এইবুলি কৈ তেওঁ মৌন হ'ল ৷৷৷৷৷ তমুৱাচ হৃষীকেশঃ প্রহসন্নিৱ ভাৰত ! সেনয়োকভয়োমধ্যে ৱিষীদন্তদিং রচঃ ॥১০ হে ভাৰত ! এই দুয়ো সেনাৰ মাজত উদাস হৈ বহি থকা অৰ্জ্জুনক হৃষীকেশে হাঁহি মাৰি এইদৰে কলে ॥১০৷ শ্রীভগবান উবাচ ৷ অশোচ্যানন্বশোচত্বং প্রজ্ঞাৱাদাংশ্চ ভাষসে । গতাসূনগতাসূংশ্চ নানুশোচন্তি পণ্ডিতাঃ ॥১১ শ্রীভগবানে ক’লে.— “তুমি শোক কৰিব নলগা বিষয়ত শোক কৰিছা, অথচ পণ্ডিতৰ দৰে কথা কৈছা । কিন্তু পণ্ডিতে মৰিবলগীয়া নাইবা জীয়াই থকা লোকৰ কাৰণে শোক নকৰে ॥১১॥ ন ত্বেৱাহং জাতু নাসং ন ত্বং নেমে জনাধিপাঃ । ন চৈৱ ন ভৱিষ্যামঃ সৱে ৱয়মতঃ পৰম্ ॥১২ “কাৰণ বাস্তৱতে চাবলৈ গলে মই, তুমি অথবা এই ৰজা- সকল কোনো কালতেই নাছিল, বা ভৱিষ্যতেও নহব —এনে নহয় ॥ ১২॥ দেহিনোঽস্মিন্ যথা দেহে কৌমাৰং যৌৱনং জৰা ৷ তথা দেহান্তৰপ্ৰাপ্তিৰ্ধীৰস্তত্ৰ ন মুহাতি ॥১৩ “দেহধাৰীসকলৰ শৰীৰ যেনেকৈ কৌমাৰ, যৌৱন আৰু জাগ্রস্ত হয়, তেনেকৈ মৰণৰ পাছত অন্য দেহো পায়৷ ইয়াৰ (দেহৰ ওপৰত বুদ্ধিমান পুৰুষে কেতিয়াও মোহ নাৰাখে ॥ ১৩॥
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৩৬
অৱয়ব