পুত্ৰ মহাবাহু অভিমন্যু, এই আটাইকেইজনে নিজ নিজ শঙ্খ বজালে॥ ১৭।১৮॥
স ঘোষো ধাৰ্ত্তৰাষ্ট্ৰাণাং হৃদয়ানি ব্যদাৰয়ৎ।
নভশ্চ পৃথিৱীঞ্চৈৱ তুমুলোব্যনুনাদয়ন্॥১৯
পৃথিৱী আৰু আকাশ ভেদী প্ৰতিধ্বনিত হোৱা ভয়ঙ্কৰ শব্দত কৌৰৱৰ হৃদয় বিদীৰ্ণ কৰি তুলিলে॥ ১৯।
অথ ৱ্যৱস্থিতান্ দৃষ্টা ধাৰ্ত্তৰাষ্ট্ৰান্ কপিধ্বজঃ।
প্ৰৱৃৰ্ত্তে শস্ত্ৰ সম্পাতে ধনুৰুদ্যম্য পাণ্ডৱঃ॥ ২০
হৃষীকেশং তদা ৱ্যক্যমিদমাহ মহীপতে!
সেনয়োৰুভয়োৰ্মধ্যে ৰথং স্থাপয় মেহচ্যুত॥ ২১
হে ৰাজন্ হনুমান অঙ্কিত ধ্বজাই সৈতে অৰ্জ্জুনে কৌৰৱসকলক সুসজ্জিত দেখি আৰু অস্ত্ৰ চালনাৰ্থে উদ্যত হোৱাৰ সময়ত নিজৰ ধনু তুলি লৈ হৃষীকেশক এইদৰে কবলৈ ধৰিলে। অৰ্জ্জুনে ক’লে-
“হে অচ্যুত আমাৰ ৰথখন নি দুয়ো সেনানিৰ মাজত থিয় কৰক।
যাৱদেতান্নিৰীক্ষেঽহং যোদ্ধু কামানৱস্থিতান্।
কৈৰ্ময়া সহ যোদ্ধৱ্যমস্মিন্ ৰণসমুদ্যমে॥ ২২
যোৎস্যমানানৱেক্ষেঽহং য এতেঽত্ৰ সমাগতাঃ।
ধাৰ্ত্তৰাষ্ট্ৰস্য দুৰ্ব্বূদ্ধেৰ্যুদ্ধে প্ৰিয়চিকীৰ্ষৱঃ॥২৩
“যাতে যুদ্ধ কৰিবলৈ ইচ্ছা কৰি থিয় হোৱ৷ লোকবিলাকক মই চাই লব পাৰো আৰু জানিব পাৰোঁ— এই সংগ্ৰামত মই কাৰ লগত যুদ্ধ কৰিব লাগিব। ২২। যুদ্ধত দুৰ্ব্বুদ্ধি দুৰ্য্যোধনৰ হিত কৰিবলৈ ইচ্ছা কৰা যিসকল যোদ্ধা একত্ৰিত হৈছে,—সেই বিলাকক মই ঠিক দেখিবলৈ পাইছোঁ॥ ২৩॥