কিন্তু ফলত্যাগৰ মহত্ত্ব বিচাৰ কৰিবলৈ যাওঁতে গীতাকাৰৰ মনত কি ভাব আছিল তেওঁ অহিংসাৰ মৰ্য্যাদা কিমান পৰ্য্যন্ত নিৰ্ণয় কৰিছিল এই সম্বন্ধে বিচাৰ কৰিবৰ মোৰ একো আৱশ্যক নকৰে। কবিয়ে মহত্ত্বপূৰ্ণ সিদ্ধান্তবিলাক জগতৰ
আগত দাঙি ধৰে। ইয়াৰ পৰা এনে অৰ্থ বুজা নাযায় যে তেওঁ নিজে উপস্থিত কৰা সিদ্ধান্তবিলাকৰ মহত্ত্ব নিজে সম্পূৰ্ণ ৰূপে জানে আৰু নিজে এটাইখিনি কথা ভাষাত প্ৰকাশ কৰিব পাৰিছে। ইয়াতেই কাব্য আৰু কৰি মহিমা। কবিৰ কাব্যৰ অৰ্থৰ অন্তই নাই। মানুহৰ ক্ৰমবিকাশৰ দৰেই মহাকাব্যৰো অৰ্থৰ বিকাশ ক্ৰমে হৈয়েই থাকে। ভাষাৰ ইতিহাস যদি বিচাৰ কৰি চোৱা যায় তেন্তে বুজিব পাৰি যে অনেক মহান শব্দৰ
অৰ্থ নিতে নতুন হবই লাগিছে। এই কথা গীতাৰ শব্দবিলাকৰ অৰ্থ সম্বন্ধেও সত্য। গীতাকাৰে নিজেই মহান্ কঠিন শব্দবিলাকৰ অৰ্থ বহলাই ব্যাখ্যা কৰিছে। এই কথা গীতা ওপৰে ওপৰে চালেও বুজিব পাৰি। গীতাযুগৰ আগতে সম্ভৱতঃ যজ্ঞত পশু হিংসা
প্ৰচলিত আছিল। কিন্তু গীতাৰ যজ্ঞত তাৰ কোনো নাম- গোন্ধেই নাই। গীতাত অৰ্থাৎ গীতাৰ মতে জপ-যজ্ঞই যজ্ঞৰ ৰজা। তৃতীয় অধ্যায়ত বৰ্ণনা কৰিছে যে যজ্ঞৰ অৰ্থ প্ৰধানতঃ পৰোপকাৰৰ কাৰণে কৰা শৰীৰৰ ব্যৱহাৰ। তৃতীয় আৰু চতুৰ্থ অধ্যায় মিলাই চালে তাৰ আকৌ আন ব্যাখ্যাও উলিয়াব পৰা যায়। কিন্তু যজ্ঞৰ অৰ্থ যে পশু হিংসা সেইটো কোনো প্ৰকাৰে কৰিব নোৱাৰি। গীতাৰ “সন্ন্যাস” শব্দ সম্বন্ধেও এই কথাই খাটে। কৰ্ম্ম মাত্ৰকেই ত্যাগ, গীতাত সন্ন্যাসৰ অৰ্থ বুলি ভাবিই নোৱাৰি। গীতাৰ সন্ন্যাসী অতিকৰ্মী হৈও অতি অ-কৰ্মী। এইদৰে গীতাকাৰে আমাক মহান্ শব্দবিলাকৰ আৰু ভাষাৰ অৰ্থ ব্যাপক-
পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/১৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
॥৶৹