সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
॥৴৹


ফলত্যাগীয়ে হাজাৰ গুণে ফল পায়। গীতাৰ ফলত্যাগত অখণ্ড শ্ৰদ্ধাৰ পৰীক্ষা আছে।  যি লোকে পৰিণামৰ কথা ভাবি কৰ্ম্ম কৰে তেওঁ অনেকবাৰ কৰ্ম্ম আৰু কৰ্ত্তব্যভ্ৰষ্ট হয়। তাৰ পৰা তেওঁ অধীৰ হয়, আৰু তাৰ পৰা ক্ৰোথৰ বশ হৈ পৰে আৰু পিছত কৰিব নলগা কামো কৰিবলৈ ধৰে। তেওঁ এটা কামৰ পৰা দ্বিতীয় কৰ্ম্মলৈ আৰু দ্বিতীয়ৰ পৰা তৃতীয় কৰ্ম্মত লাগেগৈ ( অৰ্থাৎ অনিচ্ছাতো নিপতিত হয়)। পৰিণাম চিন্তা কৰা লোকৰ অৱস্থা বিষয়ত অন্ধ হোৱা লোকৰ অৱস্থাৰ দৰে হয়। শেষত বিষয়ী লোকৰ দৰে ভাল-বেয়া, নীতি-অনীতিৰ বিবেক-বুদ্ধি পৰিত্যাগ কৰে আৰু ফল পাবৰ কাৰণে মনে-প্ৰাণে চেষ্টা কৰে আৰু ইয়াকেই ধৰ্ম্ম বুলি মানে।

 ফলাসক্তিৰ এনে কটু পৰিণামৰ পৰা গীতাকাৰে অনাসক্তি অৰ্থাৎ কৰ্মফলত্যাগৰ সিদ্ধান্ত উপস্থিত কৰি ইয়াক জনতাৰ আগত অত্যন্ত চিত্তাকৰ্ষক ভাষাৰে তুলি ধৰিছে। সাধাৰণতঃ ধৰ্ম্ম আৰু অৰ্থ পৰস্পৰ বিৰোধী বস্তু বুলিয়েই ধৰা হয়। “বেপাৰ-বণিজ আদি কামত আৰু লৌকিক ব্যৱহাৰত ধৰ্ম্মৰ ঠাই হ’ব নোৱাৰে, ধৰ্ম্মৰ ব্যৱহাৰ কেৱল মোক্ষৰ কাৰণেহে হ’ব পাৰে। ধৰ্ম্মৰ ঠাইত ধৰ্ম্ম শোভা পায় আৰু কৰ্ম্মৰ ঠাইত কৰ্ম্ম।” মোৰ মনেৰে গীতাই এই ভ্ৰম দূৰ কৰি দিছে। যি ধৰ্ম্ম ব্যৱহাৰলৈ আনিব নোৱাৰি সি ধৰ্ম্মই নহয়—এনে ধৰণৰ ভাবহে গীতাত আছে বুলি মোৰ মনে ধৰে। অৰ্থাৎ গীতাৰ মতানুসাৰে যি কৰ্ম্ম এনে ধৰণৰ যে তাক আসক্তি-শূন্য হৈ কৰিব নোৱাৰে, তেনে সকলো কৰ্ম্ম‍ই তাজ্য। এনে সোণালি নিয়মে মানুহক বহুতো ধৰ্ম্ম সঙ্কটৰ পৰা ৰক্ষা কৰে। এনে অভিপ্ৰায় অনুসাৰে হত্যা, মিথ্যাচাৰ, ব্যভিচাৰ ইত্যাদি কৰ্ম্ম সহজে ত্যজ্য হৈ পৰে,