ইয়াৰ দ্বাৰাই মুক্তি পাব পাৰে, এই কথা সকলো ধৰ্ম্মই প্ৰতিপাদন কৰিছে। কিন্তু কৰ্ম্মমাত্ৰৰেই কিছু দোষ থাকিবই। মুক্তি কেৱল দোষশূন্যসকলৰ পক্ষেহে সম্ভৱপৰ। তেনেহলে কৰ্মবন্ধনৰ পৰা অৰ্থাৎ দোষৰ স্পৰ্শৰ পৰা কেনেকৈ ৰেহাই পাব, মুক্তি পাব পাৰোঁ? ইয়াৰ উত্তৰ গীতাই নিশ্চয়াত্মক শব্দত দিছে— “নিস্কাম কৰ্ম্মৰ দ্বাৰা, যজ্ঞাৰ্থে কাম কৰি, কৰ্ম্মফল ত্যাগ কৰি, সকলো কৰ্ম্মকে শ্ৰীকৃষ্ণত অৰ্পণ কৰি অৰ্থাৎ মন, বচন আৰু শৰীৰ ঈশ্বৰৰ ওচৰত আহুতি কৰি।”
কিন্তু নিষ্কামতা, কৰ্ম্মফল ত্যাগ বোলা মাত্ৰেই হব নোৱাৰে। ই কেৱল বুদ্ধিৰ প্ৰয়োগেই নহয়। ই হৃদয় মন্থনৰ পৰাহে উৎপন্ন হয়। এই ত্যাগশক্তি উৎপন্ন কৰিবলৈ জ্ঞানৰ প্ৰয়োজন। এক প্ৰকাৰৰ জ্ঞান অৱশ্যে সকলো পণ্ডিতে পায়। তেওঁলোকে বেদাদি কণ্ঠস্থ কৰে; কিন্তু এইসকলৰ ভিতৰত বেছিভাগেই ভোগ আদিত লিপ্ত থাকে। জ্ঞান যাতে কেৱল নিৰস পাণ্ডিত্যলৈ ৰূপান্তৰিত নহয়, তাৰ বাবে গীতাকাৰে জ্ঞানৰ লগত ভক্তি মিলাই দিছে; আৰু ইয়াকেই প্ৰথম স্থান দিছে। ভক্তি বিনে জ্ঞান মূল্যহীন। সেই কাৰণে কথিত আছে “ভক্তি কৰা, জ্ঞান পাবাই। ”কিন্তুসভক্তি যে অধিক মূল্যত কিনিব লগাত পৰে। সেই কাৰণে গীতাকাৰে ভক্তৰ লক্ষণ স্থিতপ্ৰজ্ঞৰ দৰে বুলি বৰ্ণনা কৰিছে।
ইয়াৰ তাৎপৰ্য্য এই যে গীতাৰ ভক্তি-ভাবত ভোল গৈ থকা নহয়, নাইবা অন্ধশ্ৰদ্ধাও নহয়, গীতাত উল্লেখ কৰা উপচাৰৰ লগত বাহ্যিক চেষ্টা বা ক্ৰিয়াৰ লগত সম্বন্ধ নাই বুলিব পাৰি। মালা, ফোট, সেৱা-পূজা ভক্তই কৰে যদি কৰক কিন্তু এইবিলাক ভক্তিৰ লক্ষণ নহয়। যিজনে কাকো দ্বেষ নকৰে, যিজন নিৰহঙ্কাৰ, যাৰ পক্ষে সুখ-দুখ, জাৰ-জহ সমান, যিজন ক্ষমাশীল, যিজন সদাতুষ্ট, যাৰ সঙ্কল্প কেতিয়াও লৰচৰ নহয়, যিজনে মন