যিজন পুৰুষ নিজ সময়ত সকলোতকৈ শ্ৰেষ্ঠ ধাৰ্ম্মিক হয় তেওঁকেই ভাবী কালত প্ৰজাসকলে অৱতাৰ বুলি পূজা কৰে। ইয়াত কিবা দোষ আছে বুলি মোৰ মনে নকয়। ইয়াৰ দ্বাৰা ঈশ্বৰৰ শ্ৰেষ্ঠত্বও কমোৱা নহয়, আৰু সত্যৰ ওপৰতো আঘাত কৰা নহয়।
“আজ্ঞান” ঈশ্বৰ নহয়, কিন্তু “আডাম”ৰ ঈশ্বৰৰ জ্যোতিৰ বাহিৰতো পৃথক সত্তা নাই। যি জনত নিজ যুগত সকলোতকৈ বেছিকৈ ধৰ্ম্ম জাগৃত হৈছে তেওঁৱেই বিশেষ অৱতাৰ। এই কাৰণতে শ্ৰীকৃষ্ণৰূপী পূৰ্ণ অৱতাৰে আজি হিন্দু ধৰ্ম্মত সাম্ৰাজ্য ভোগ কৰি আছিল।
এই দৃষ্টি অৰ্থাৎ পূৰ্ণাৱতাৰৰ কল্পনা মধুষ্য জাতিৰ চৰম অভিলাষসূচক। মানুহ ঈশ্বৰ-ৰূপী হ’ব নোৱাৰিলে তেওঁ স্বস্তি নাপায়, তেওঁ শান্তি পাব নোৱাৰে। ঈশ্বৰত্ব পাবলৈ কৰা চেষ্টাই আচল সত্য আৰু একমাত্ৰ পুৰুষাৰ্থ আৰু আত্মদৰ্শন যেনেকৈ সকলো ধৰ্ম্মগ্ৰন্থৰে বিষয়, সেইদৰে গীতাৰো বিষয়। কিন্তু গীতাকাৰে এই বিষয় মাথোন প্ৰতিপাদন কৰিবলৈ গীতা ৰচনা কৰা নাই। আচলতে আত্মা-অম্বেষণকাৰীক আত্মদৰ্শনৰ এক অদ্বিতীয় উপায় দেখুৱাই দিয়াই গীতাৰ মূল উদ্দেশ্য। যি বস্তু হিন্দুৰ ধৰ্মগ্ৰন্থবিলাকত য’তে ত’তে সিঁচৰতি হৈ আছিল তাকেই গীতাত অনেক ৰূপত, অনেক শব্দেৰে বাৰে বাৰে পুনৰুক্তি কৰিও সুন্দৰৰূপে প্ৰতিপন্ন কৰিছে বা প্ৰতিষ্ঠিত কৰি দেখুৱাইছে।
এই অদ্বিতীয় উপায় হৈছে- কৰ্ম্মফল ত্যাগ।
এই মধ্যবিন্দুৰ চাৰিওফালে সমস্ত গীতাখন সজোৱা হৈছে। ভক্তি, জ্ঞান ইত্যাদি তাৰামণ্ডলৰ জ্যোতি ইয়াৰ চাৰিওফালে সজাই দিয়া হৈছে। য’ত দেহ আছে, তাত কৰ্ম্ম থাকিবই, তাৰ পৰা পৃথক হৈ থাকিব নোৱাৰে। তথাপিও এই শৰীৰক প্ৰভূমন্দিৰ বুলি