গুজৰাটী ৰাইজে পাই যাতে ইয়াৰ সহায়ত এই প্ৰৱাহৰ বিপক্ষে থিয় দিবলৈ শক্তি পাব পাৰে।
এই অভিলাষ কৰোতে অন্যান্য গুজৰাটী অনুবাদক অৱহেলা কৰা হোৱা নাই। সেইবিলাকৰ ঠাই আছে যদি ভালেই কিন্তু সেইবিলাকৰ ভিতৰত অনুবাদকাৰীসকলৰ আচৰণৰ পৰা উদ্ভৱ হোৱা অনুভৱৰ দাবী আছে বুলি মোৰ মনে নধৰে। এই অনুবাদত ৩৮ বছৰৰ আচৰণ প্ৰচেষ্টাৰ দাবী আছে। সেই কাৰণে মই অৱশ্যে ইচ্ছা কৰো যে প্ৰত্যেক গুজৰাটী ভাই-ভনীয়ে, যিসকলে ধৰ্ম আচৰণলৈ জীৱনৰ কাৰ্যক্ষেত্ৰক আনিব খোজে সেইসকলে যেন ইয়াক পঢ়ে, বিচাৰ কৰে আৰু ইয়াৰ পৰা শক্তি গ্ৰহণ কৰে।
এই অনুবাদত মোৰ লগৰীয়াসকলৰ পৰিশ্ৰমো যথেষ্ট আছে। মোৰ সংস্কৃতৰ জ্ঞান অতি কম হোৱা বাবে শব্দাৰ্থ সম্বন্ধে মোৰ নিজত বিশ্বাস পূৰ্ণ হ’ব পৰা নাছিল, আৰু কেৱল এইকাৰণেই এই অনুবাদ খন বিনোবা ভাবে, কাকা কালেলকাৰ, মহাদেৱ দেশাই আৰু কিশোৰলাল মশ্ৰুৱালাই চাই দি সাহায্য কৰিছে।
( ২ )
এতিয়া গীতাৰ অৰ্থ বিচাৰ কৰা যাওক:— ১৮৮৮ চনত মই প্ৰথমতে গীতা দেখা পাওঁ। সেই সময়ত মোৰ এনে লাগিছিল যে এইখন এখন ঐতিহাসিক গ্ৰন্থ নহয়; কিন্তু ইয়াত ভৌতিক যুদ্ধৰ ৰূপক বৰ্ণনাৰ দ্বাৰাই প্ৰত্যেক মানুহৰ হৃদয়ৰ ভিতৰত সদায় চলি থকা দ্বন্দ্ব-যুদ্ধৰ বৰ্ণনা। মানুহৰ হৃদয়ৰ ভিতৰত নিৰন্তৰ চলিথকা যুদ্ধক ৰসপূৰ্ণ কৰিবলৈ মানুহৰ মাজত লগা যুদ্ধৰ ৰূপ দি গঢ়ি তোলা হৈছে। ধৰ্ম্ম আৰু গীতাৰ বিশেষ বিচাৰ কৰাৰ পিছত মোৰ এই প্ৰাথমিক অনুভূতিয়েইহে সুদৃঢ় হৈছে।