পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 টেকেলা।— (হাঁহি হাঁহি), বাৰু, বহাঁচোন। ইমানতে ইমান হ'লে আৰু টেকেলা-গাওঁবুঢ়াৰ কাম ভালকৈয়ে কৰিবা! তুমি এটা এটাকৈ বস্তু ধৰি যোৱাঁ, মই লেখি যাওঁ। (লিখিবলৈ ধৰে)

 জেতুকী।— (লৰি গৈ বাটি লৈ) অ, এইটোচোন মোৰ ওমলা-বাটিটো! অ, মই নিদিওঁ নিবলৈ।

 টেকেলা।— (বাটিটো আঁজোৰ মাৰি কাঢ়ি লৈ) থ, তোৰ বাটি এতিয়া। গুচ ইয়াৰ পৰা।

 জেতুকী।—(ফেঁকুৰি ফেঁকুৰি বাপেকক ধৰেগৈ) বুপাই, মোৰ বাটিটো নিয়ে এতিয়া! আজি মই কিহেৰে উমলিব? হুঁ, মোৰ বাটিটো দে। (বৰকৈ চিয়ঁৰি চিয়ঁৰি কান্দে)

 ভোগ।—(চকুলো টুকি) নেলাগে সেইটো। মোৰ আইক মই আন এটা আনি দিম। (কোলাত তুলি লৈ জেতুকীক নিচুকায়)

 টেকেলা।— ওঁ, আমাৰ কাম হ'ল, এতিয়া উঠিবহে লাগে। (লগত অনা মানুহটোক) হেৰ, এইখিনি ভাৰ বান্ধি ল।

 টেপেৰা।— এৰা, উঠা, বলাঁ যাওঁ। সিফালেও কেবাঘৰো আছে।

(বস্তু লৈ তিনিওৰো প্ৰস্থান)

 ভোগ।— (বস্তু নিয়ালৈ চাই থাকি) হাঁয়, এতিয়াও মই জীয়াই আছোঁ! (পৰি মূৰ্চ্ছা যায়)

 ৰংদৈ।— (ভোগক দাঙ্গি ধৰি) উঠ্, উঠহঁক, মাইকী মানুহৰ দৰে বিয়াকুল হৈছ কেলেই? (বলেৰে ধৈৰ্য্য ধৰি বহি) কপালত যি আছে তাক কোনে গুচাব? তথাপি, দুখৰ পাচত সুখ আছে বুলি সকলোৱে কয়।

 ভোগ।— (উঠি বহি চকু মোহাৰি) কিনো ক'ম ঐ! মই তহঁতৰো বধৰ ভাগী হলোঁ! কুলী হোৱাৰ ভয়ত, আৰু মান ৰইখা কৰিবলৈ গৈ, চৰ্কাৰী গাওঁবুঢ়া বিষই খাওঁতে এতিয়া মোৰ এনে বিলাই! দেহি ঐ, মোৰ আই হাতৰ পৰা সি অধৰমীয়ে বাটিটো আঁজোৰ মাৰি নিয়ালৈ মনত পৰিলে,