পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 টেকেলা।— এঃ।—, আমি কিবা মৌজাদাৰৰ গোলাম নে? যিমান পাৰোঁ, কৰি থাকিম। বাৰু, আহাঁচোন, আমি ভিতৰ সোমাওঁ।

 টেপেৰা।— বাৰু, বলাঁ। তুমি আগ হোৱাঁ। অ, ভোগমন, তয়ো আহ।

(তিনিওৰো ভিতৰলৈ প্ৰৱেশ)

 ৰংদৈ।— (চকুত আঁচল দি কান্দে) হে পৰ্ভু! এই দুখুনীৰ কপালত নো ইয়াকে লেখিছিলা নে? তিৰোতাৰ জনম দি মতাৰ বন কৰাবলৈ বাকী নেৰাখিলা; পুৱাতে পাটীৰপৰা উঠিয়েই মাইকী আৰু মতা দুইৰো বন অকলে কৰোঁতে মোৰ শাঁতি-শুতি নেথাকে, পথাৰত মতাৰ কাম কৰি আহি, দুপৰীয়া ভোকত বাঁহতলৰ জেং-খৰি লুৰি আনি ভাত ৰান্ধোহি, গৰু-গাই ধান-চাউল চপোৱাৰ উপৰিও, দিনটো কেইফালৰ পৰা কিমান চিন্তাই খাই মাৰেহি তাৰ লেখ নাই; আৰু যে কিমান দুখ পৰ্ভু, তুমি দেখিয়েই আছাঁ! হাঁয়, ইমান দুৰ্গতি দেখিও তুমি এই বেটীক কিৰ্‌পা নকৰিলাঁ! কি কৰিম, মই জানিছোঁ, মোৰ এই জীৱ দেহাৰ পৰা বাজ নহয়মানে আৰু মোৰ দুখৰ অন্ত নপৰে! মই নো কেলেই নমৰোঁঔ!! (বুকুত চাপৰ মাৰি মাটিত পৰি মূৰ্চ্ছা যায়।)

 জেতুকী।— (মাকৰ গাত ধৰি কান্দি কান্দি) আই! তোৰ কি হৈছে? তই কিয় কান্দিছ? তই কেলেই পৰিলি? (চিয়ঁৰ মাৰি) ঐ, বুপাই, আইৰ কিবা এটা হ'ল ঔ! বেগাই আহ ঔ!!

 (লোটা-কলহ, কাঁহী-বাটি, কাপোৰ-কানি আদি লৈ টেকেলা, টেপেৰা আৰু ভোগমন ভিতৰৰ পৰা ওলাই আহে)

 ভোগ।— কি হ'ল,কি হ'ল? (বিতত হৈ ৰংদৈক তোলে) উঠ্, উঠ্, কিয়নো এনে অথিৰ হৈ বেজাৰৰ ওপৰত বেজাৰ দিছ? ঈশ্বৰৰ ইচ্ছা, যি কৰে কৰি থাওক! (ৰংদৈ উঠি চকুত আঁচল দি কান্দিবলৈ ধৰে)

 টেপেৰা।— এইখন আৰু চাই থাকিব নোৱাৰি! টেকেলা বোপা, কি কি বস্তু লোৱা হৈছে, বেগেতে ফৰ্দ্দ এটা কৰি লোৱাঁ।