পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ধৰিছেহি। হেৰ, খুলমুৱা, কেলেই ধৰিছ মোৰ কুকুৰাজনী? বাপেৰৰ বৰঘৰ পাইছহি নে কি? বন্দি, ভিকহুৰ পো!

 ভোগ।— ময়ে ধৰাইছোঁ। আজি বৰচেহাব পাবহি, ৰচত তুলিব লাগে। হেৰ, ভেলেউ, কণী আছে যদি গোটাচেৰেক আনগৈ যাচোন।

 ভেলেউ।— এঃ, নেদেখিছা দেহি! এইটোৱে ৰচতলৈ মোৰ ককুৰাজনী হে পাইছেহি! চাওঁ এৰি দে।  (কাঢ়ি আনিবলৈ আগ বাঢ়ে)

 ভোগ।— হেৰ, এইটো-সেইটো নকৰিবি দেই, ধুন্‌ দেখুৱাম পাচে।

 ভেলেউ।— ইঃ, এইটো বুলিলত নাকতিটো খৰি পৰিল দেহি! মৰিয়াৰ পঁইতা খোৱা পো, চেহাব বাপেৰক ৰচত লাগে যদি, খৰহকৈ থকা কেঘৰলৈ নেযাৱ কিয়? বাঁৰী-দুখুনীৰ ঘৰত হে তোৰ চকু পৰে?

 ভোগ।— হেৰ ভেলেউ, তই মুখ চম্ভালি কথা কবি দেই। ইয়াৰ পৰা তোৰ বেয়া হ'ব জানিবি। মই আজি গৈয়ে মৌজাদাৰ হাকিমক এইবোৰ ৰেপট কৰিম গৈ, ৰবি।

 ভেলেউ।— ঔ, খোদাই! এতিয়া হে মৰিলোঁ! পলাবলৈ কেঁকোৰা গাঁত এটাকে বিচাৰিব লাগিব! কবিগৈ যা, মৌজাৰীয়ে মোৰ কাণ দুখন কাটিব, তালৈকে মই ভয় কৰিছোঁ।

 ভোগ।— (মৰিয়া ল'ৰাটোক) হেৰ, বল, আমি যাওঁ। মৰিয়ানীৰে সৈতে কোনে চুপতি কৰি থাকে। আমাৰ কাম কৰি ললোঁ; তাই এতিয়া বকি থাওক।

 হাজত।— (বিলতৰ কমাৰশাললৈ আঙুলিয়াই) চোৱাচোন্ খৌ কেটা কেনেকৈ খুই আছে! ধৰিবলৈ বৰ ভাল হৈছে। যাম নে? ধৰিমগৈ নে?

 ভোগ।— ওঁ, সুধিব লাগিছে নে? যা, যা, ধৰগৈ। মনে মনে যাবি।

 হাজত।— (লাহে লাহে গৈ দুহাতে দুটা ধৰি লয়) হেৰা, খৌটো বিলত আহিছে! আপুনি আগ বাঢ়াঁ। মোক খপিবহি এতিয়া!