ইয়ং।— কি কাটনি টাকিছে? হেইটো কাট কাটিব মাঙিছে? অঃ টেনেহলে হেইটো কাম টুমি ডেকিব ফাৰে।
ৰত্ন।— নহয় হজুৰ, আন কিবা সকাম হে আছিল।
ইয়ং। কি কাম টাকিছে? টুমিলোকৰ এইঠো বহুত বয়া ডস্তুৰ টাকিছে; কোন কাম টাকিলে যদি, আগাৰি কেলে কাম নাই বুলি কৈ ডিছে? চব বাবুলোক এই ৰকম টাকিছে। আচ্ছা হামি টোমাক হিকাই ডিছে, কোন কাম টাকিলে পহিলা কৈ ডিব লাগে; জানিলে?
ৰত্ন।— ভাল, হজুৰ! আমি অসমীয়া বুঢ়া মানুহ, হজুৰসকলৰ বিলাতী ধাৰণ ভালকৈ ভু নাপাওঁ।
ইয়ং।— আচ্ছা, কি কাম টাকিছে এটিয়া কব ফাৰে।
ৰত্ন।— হজুৰ, তালন গাৱঁৰ ফালে মোক গাওঁবুঢ়া এটা লগা হৈছে। হজুৰে অনুমতি দিলে এটা ল'ব পাৰোঁ।
ইয়ং।— টাটে আগাৰি দোছৰা গাওঁবুঢ়া নাই টাকিছে?
ৰত্ন।— হয় হজুৰ, আছোঁতে এটা আছে। কিন্তু, সি বুঢ়া মানুহ, এতিয়া আৰু অকলে ভালকৈ কাম চলাব নোৱাৰা হৈ পৰিছে।
ইয়ং।— আচ্ছা, গাওঁবুঢ়ালোক টলব নাই ফাইছে; টুমি একঠো ল'ব ফাৰে। হিঠো বুদ্ধা আছে, ইঠো যোবান মোটা মানুহ ল'ব লাগে।
ৰত্ন।— ভাল, হজুৰ! হজুৰ আজ্ঞা পালে এই মানুহটোকে ল'ব পৰা যায়।
ভোগ।— (থৰকবৰককৈ) হৈছে, হজিৰ গোলাম খোদাবেণ্ডা।
ইয়ং।— অঃ, হেইঠো গাওঁবুঢ়া হ'ব নাই ফাৰিবে। হেইঠো একদম ডোবলা আড্মি টাকিছে। কি জানি কানি কাইছে। হি কাম কৰিব নাই ফাৰে, টুমি ডোছৰা আড্মি ডেকিব লাগে। কানীয়া আড্মিকে হামি কাম কভি নাই দিবে।
ৰত্ন।— নহয় হজুৰ, মই জানো, সি কানি নাখায়।