পৃষ্ঠা:গাওঁবুঢ়া.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চতুৰ্থ পট,-চাহাবৰ বঙলা।
(ভোগমনৰ হাতত এটা মইনা চৰাই আৰু সমুথিৰা টেঙ্গা; ৰত্নেশ্বৰ আৰু ভোগমনে চাহাবলৈ বাট চাই জোমা-জুমি কৰি আছে)

 ৰত্ন।— হে, চাহাব ওলালেই মই চেলাম দিম; তয়ো মোৰ পিচৰ পৰা দীঘলীয়াকৈ চেলাম দি থিয় হৈ থাকিবি।

 ভোগ।— ভাল দেউতা! পিচে মই হলে কথা ক'ব নোৱাৰিম; চেহাবক দেখিলেই মোৰ ভয় লাগিব। এতিয়াই মোৰ বুকুখন টিপিং টিপিং কৰি আছে, দেউতা!

 ৰত্ন।— হেৰ কটা, একো ভয় নকৰিবি। ভয় কৰা দেখিলে হলে চাহাবে কেতিয়াও কাম নিদিয়ে। অ, ইয়ালৈকে হে গাওঁবুঢ়া হ'বলৈ মট্‌মটাই ফুৰিছিলি! গাওঁবুঢ়া বুলিলে চাহাবৰ কত যে ডাবি হুকি খাব লাগিব তোৰ কি লেখ আছে!

 ভোগ।— নহয়, দেউতা! তেতিয়াও এটা কথা। কাম পালে আৰু এনেকৈ ভয় নকৰোঁ। এতিয়া তেনেই নিচলা দেখি হে! তাতে আকৌ মই কেতিয়াও চেহাবৰ আগত থিয় হোৱা নাই। (চাহাবক ওলাই অহা দেখি কঁপি কঁপি) অ, দেউতা, দেউতা, সৌৱা, সৌৱা, ওলালহি, ওলালহি, আগ হওক। (ঠক্‌ঠক্‌কৰে কঁপিবলৈ ধৰে)

 ৰত্ন।— হেৰ, কটা, কি কৰিলি! থিৰ হ ! (চাহাবক দীঘলকৈ এটা চেলাম দিয়ে; পিচৰ পৰা ভোগমনেও মাটিত হাত লগাই চেলাম এটা দি কঁপিবলৈ ধৰে)

 ইয়ং।— ওৱেল, মৌজ্‌দাৰ আহিছে? ইয়াতে টোমাৰ কি কাম টাকিছে?

 ৰত্ন।— এনেই হে হজুৰক চেলাম দিবলৈ আহিছিলোঁ। বিশেষ কাম একো নাই, হুজুৰ!