পৃষ্ঠা:গাওঁবুঢ়া.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ৰত্ন।— (হাঁহি ২) হেৰ, তয়ো নো গাওঁবুঢ়া হ'ব খোজ নে? গাৰ দেখোন ছাল-বাকলিয়েই নাই, কেনেকৈ নো তেনে বৰমূৰীয়াটো হ'ব খুজিছ? হলেও নো বাৰু, তোক কোনে মানিব?

 ভোগ।— দেউতাৰ আজ্ঞা পালে কোনে নো নেমানি পাৰিব? বন্দীক কৃপা কৰি বাবটি দিয়াৰ পাচতে দেখিব; মোৰ মনেৰে, কামত এই নিচলাই শকত-আৱত কেইটাকো চেৰ হে পেলাব। (লাহেকৈ কাপোৰখন উলিয়াই আগতে থৈ, মাটিত মূৰ লগাই সেৱা কৰে)

 ৰত্ন।— (ৰং মনেৰে) বাৰু, মই ভাবি চাওঁ। তই বাৰু অহা-যোৱা কৰি কাম শিকি থাক। হওঁতে, তহঁতৰ গাঁৱতে মোক এটা গাওঁবুঢ়া লগা হৈছে। বাৰু, এটা কৰিব লাগে; নহ'লে নো তই ভাল পাবি নে? বাৰু, যা এতিয়া।

 ভোগ।— (হৰিষ মনেৰে আকৌ সেৱা এটি কৰি) ভাল দেউতা, বন্দী এতিয়া আহিলোঁ হে। সকলো ভেৰেষা দেউতাৰ ওপৰতহে।

 ৰত্ন।— বাৰু, তই যাচোন, মই কৈছোঁ নহয়।—যাওঁ, মোৰো গা ধুবৰ পৰ হ'ল। পানী দিছে নে নাই জানো?

(ভোগমনৰ প্ৰস্থান)

 ৰত্ন।— (ভিতৰলৈ ৰিঙিয়াই) হেৰ, মঙলা।

 মঙলা।— (ভিতৰৰ পৰা) দেউতা!

 ৰত্ন।— হেৰ, এইফালে আহ। (পটাত ৰছিত লিখাত মগ্ন)

 মঙলা।— (মঙলা থিয় হৈ আছেহি, ৰত্নেশ্বৰে মন নকৰি লিখিয়েই আছে) দেউতা, মই হেৰিয়াৰ অ, আহিছোঁ নহয়। কি ক'ব খুজিছে, হেৰিয়াৰ অ, নকয় নো কিয় আকৌ। সিফালে মই, হেৰিয়াৰ অ, শাকনিতে কোৰখন এধা-শলাকৈয়ে, হেৰিয়াৰ অ, এৰি আহিছোঁ!

 ৰত্ন।— ইঃ, ইয়াৰ কোৰখন আধা শলা হোৱাত হে বৰকৈ চিন্তা হ'ল! দিনটোত আৰু সময় নেপাব নহয়। হেৰ, গা ধুবলৈ পানী দিছ নে নাই?

 মঙলা।— এৰা, হেৰিয়াৰ অ, এতিয়াও গা ধুবলৈ, হেৰিয়াৰ অ, পানী