পৃষ্ঠা:গাওঁবুঢ়া.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ৰত্ন।— কটা, তোৰ চকু নাই হ'বলা? মোৰ হাত কেইখন অ? আগেয়ে অহাবোৰক আগধৰি বিদায় দিব লাগে। বাৰু, তহঁত কেইটাৰো টকা পটাৰ ওপৰে ওপৰে থৈ যাহঁক, হাতে-পাতে লাগি ঘৰটোৰ ছাল দুখন উলিয়াই পেলাগৈ। মই তহঁতৰ ৰছিত লিখি থওঁ।

 ২য়, ৩য়, ৪ৰ্থ ৰা।— (টকা থৈ) এয়া দেউতা, আমাৰ হ'লে বাকী-বুকা নাই; একেবাৰে উচল কৰি লেখি ৰাখিব।

(আটাইকেইওটাৰে প্ৰস্থান; ভোগমনৰ প্ৰৱেশ)

 ভোগমন।— (লাহে লাহে ওচৰ চাপি) দেউতাৰ ওচৰলৈকে ময়ো আহিছিলোঁ।

 ৰত্ন।— অ, ভোগমন? তোৰো খাজনা আনিছ নে? লৈ আহ, বাৰু।

 ভোগ।— খেজেনা পৰহিমানলৈ হে দিমহি; দেউতা, আজি আন কিবা সকামত হে আহিছিলোঁ।

 ৰত্ন।— (ৰহস্য কৰি) কিনো সকাম পাতিছ অ? বিয়া নে সবাহ?

 ভোগ।— নহয় দেউতা, আন কিবা কথা এটাহে খাটিবলৈ আহিছিলোঁ। দেউতাই এই মাউৰা বন্দীলৈ অলপ কিৰ্‌পা কৰোঁ বুলিলে ক'ব পাৰোঁ।

 ৰত্ন।— (ৰং কৰি) বাৰু, কচোন, কিনো খাত লাগে নে পাম লাগে, শুনোঁ। খাত হ'লে ৰজাই হে দিব পাৰে; মই বাৰু পাম এখনকে দিব পাৰোঁ নে চাওঁ।

 ভোগ।— মই নো কেনে ঘৰৰ ল'ৰা দেউতাই জানেই। বুপাই থাকোতে আমাৰ ঘৰৰ অৱস্থা কেনে আছিল, তাকো আটায়ে জানে। পিচে, কি হ'ব, তেওঁৰ কপালেৰে তেওঁ নাম জ্বলাই আছিল; এতিয়া মৰি দেৱতা হ'লগৈ। ইফালে মই মাউৰা দুৰ্কপলীয়াৰ হে দুৰ্গতিৰ সীমা নোহোৱা হ'ল! এতিয়া আগৰ দৰে মান পোৱাৰ কথা এৰিছোঁৱেই, বাটৰ খঁৰা কুকুৰতকৈয়ো আমাক মানুহে অধচ দেখা হ'ল। দেউতাই এতিয়া উভতি পৰা কলাপুলি আকৌ ৰুই ঠন ধৰাব লাগে।—বোলোঁ, দেউতাই দয়া কৰিলে, দেউতাৰ তলতে গাওঁবুঢ়া এটা হৈয়ে অলপ জিলিকিব পাৰোঁ।