পৃষ্ঠা:গাওঁবুঢ়া.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭২৫
গাওঁবুঢ়া

নেকান্দিবি; কান্দি নো কি কৰিবি? মই মনৰ বেজাৰত হে তেনেকৈ কৈছিলোঁ; তহঁতক এৰি নো মই কলৈ যাব পাৰোঁ? (টলকা মাৰি ৰৈ) আৰু , শুনিছ নে সেইদিনা দুপৰীয়া লঘোনত খেকাৰ খোৱা চিপাহীটোৱে বলেৰে যেতিয়া মোৰ কানত কুকুৰাৰ ভাৰখন তুলি দিছিল সেই খেনৰ কথা মনত পৰিলে, এতিয়াও মোৰ বুকুখন দুফাল হয় যেন লাগে! লাজ-অপমানৰ কথা এৰিছোঁ; মই নো কিমান ভাৰ বব পাৰোঁ দেখিছই নহয়। সেই কুকুৰাৰ মেটমৰা ভাৰখনে সেইদিনা মোৰ কলিজা ভাঙ্গিবৰ নিচিনা কৰিলে!

 ৰংদৈ।— (বলেৰে ধৈৰ্য্য ধৰি) দেহি ঐ, কিনো কৰিম! কপালৰ লেখা কেনেকৈ গুচাম! তেওঁ বুলি ইয়াৰ নো এটা উপায় কৰিব নোৱাৰি নে?

 ভোগ।— জানো কি উপায় কৰ। কিবা জান যদি কৰি থাক; মই হ'লে নিৰুপায়!

 ৰংদৈ।— বিবুধি হ'ব নেলাগে। বাৰু, মই ইয়াৰ বুধি উলিয়াম।

 ভোগ।— (ৰংমুৱা হৈ) পাৰিলেও পাৰিব পাৰ। লোকে কোৱা শুনিছোঁ, বোলে, মাইকী মন্ত্ৰী।

 ৰংদৈ। মোৰ মনেৰে যি গাওঁবুঢ়াই আমাৰ এনে বিলাই কৰিছে, তাৰ বিষইখনকে ল'বলৈ কাৰবাৰ কৰা হওকচোন।

 ভোগ।— সেইটো হ'লে তো এনে আপদৰপৰা ৰইখাকে পাওঁ। তাকে ল'ব পাৰিলে হে আকৌ; আমি নিচলাকৈ নো কোনে চাব খুজিছে?

 ৰংদৈ।— এনেকৈ চালে, ই বৰ টান কথা নহয়। ইয়াৰ এটা ভাল বুধি আছে। কেৰ্‌পাই আৰু নদী গাওঁবুঢ়াই ধৰা বাট হে ধৰিব লাগে।

 ভোগ।— সিহঁতে নো আকৌ কি বাট ধৰিছিল?

 ৰংদৈ।— তহঁত নো কেলৈ পোন্ধ্‌ মৰাটো হলি ক'ব নোৱাৰোঁ! বাহিৰৰ খা-খবৰ অলপো নেৰাখ। কেৰপায়ে এৰি কাপোৰ এখন, আৰু নদীয়ে মুগাৰ ৰিহা-মেখেলা এযোৰ দি, মৌজাৰীক পোন্‌ কৰিহে তেওঁ বিষইকেখন পাইছে। আমিওচোন তাকে কৰোঁ। তহঁতে জানো কেনে দেখ?