পৃষ্ঠা:গাওঁবুঢ়া.pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


২। অঙ্ক।
প্ৰথম পট,— ভোগমনৰ মাৰল-ঘৰ

 (ৰংদৈয়ে গুণগুণকৈ আই-নাম গাই সূতা কাটি বহি আছে; ভোগমনে প্ৰৱেশ কৰি ওচৰতে মূৰে-কপালে হাত দি বহেহি) ।

 ৰংদৈ।— (ঘূৰি চাই ভোগমনক দেখা পাই আচৰিত ভাবে) এ, আই! ইটোৰ বা হ'ল কি? আঁঠুৰ ওপৰত চাং পাতি দেখোন মূৰ ঘূৰাই বহি আছেহি কেতিয়াবাৰেপৰা!

 ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) শুনিছ নে, মোৰ জীৱনত আৰু সকাম নাই! মোৰ আৰু সংসাৰত ৰাপ্‌ নাইকিয়া হ'ল! মোৰ দেহ-চিত এনেহে লাগিছে, যেন আজিয়েই দেশ এৰি বিদেশলৈ গুচি যামগৈ! পিচে, কি কৰিম, ঈশ্বৰে মোক নিকুটুমীয়া কৰিলে; তোলৈ আৰু ছোৱালীটিলৈ চাই হে আজিও মই বান্ধ খাই আছোঁ। তহঁতক কাৰোবাৰ হাতত গতাব পৰা হ'লে, মই মুকলিমূৰীয়া চৰাইৰ দৰে ক'ৰাবলৈ উৰি গুচি গলোঁগৈহেঁতন!

 ৰংদৈ।— (চিয়ঁৰ মাৰি উঠি) দেহি ঐ, মোৰ শৰীল ঐ, কাক নো এনে কথা শুনাৱ ঐ! (চকুত হাত দি কান্দে)

(জেতুকী লৰি আহি প্ৰবেশ)

 জেতুকী।— (কান্দো কান্দো হৈ) আই, তোৰ কি হ'ল? তই কিয় কান্দিছ হুঁ? বুপাই, তই আইক মাৰিলি নে কি? ওঁ-ওঁ-কেলৈ মাৰিলি? (কান্দে)

 ভোগ।—(জেতুকীক কোলাত তুলি লৈ) আই, মই মাৰক নাই মৰা, আন কিবা বেজাৰতহে কান্দিছে। (ৰংদৈৰ হাতত ধৰি) আইটীৰ মাক,