পৃষ্ঠা:গাওঁবুঢ়া.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভোগ।— (মাণিকক) ডাঙৰীয়া, চাওকচোন, ইহঁত দুয়ো আখেজৰ ওপৰত মোক নো কুলী ধৰি আনিব পায় নে? মই কেনে ঘৰৰ ল'ৰা ডাঙৰীয়াই জানেই, মই নো কেতিয়াবা কুলী খাটিছিলোঁ নে? ইহঁতে নো মোক এনে অপমান দিব পায় নে?

 মাণিক।—(মুখ বিদৰাই) থৈ দিয়াঁ তোমাৰ মান-অপমানখন! কুলী হবৰ বেলিকা আটাইবিলাক ভালমানুহ ওলায়। পিচে, তোক এৰি মোক কুলী যাবলৈ দিছ নে?

 ভোগ।—কপাল! আপুনিও এনে অবুজন হ'ল! কিন্তু, নেদেখাজনে—

 মাণিক।—চুপ্, তোৰ মুখ বন্ধ কৰ। নহ'লে ৰুলমাৰিৰ খুন্দাত দাঁত এটাও নাথাকে।

 ১ম কুলী।— দেউতা-ঈশ্বৰ! বন্দীক আৰু মৰিয়াই মাৰিলেই ভাল আছে। কানীয়া মানুহ, নিগমে মৰিলোঁ দেউতা-ঈশ্বৰ। কানি খাবৰো পৰ হ'ল, বন্দীক কিৰ্‌পা কৰোক দেউতা! (দীঘলকৈ হামি মাৰে)

 মাণিক।— বাৰু, ৰঁবা, অ, ককাই! সৰহ পৰ নাই; ভালকৈয়ে কানি খাবাঁ! চাহাবে থৈছে তোমালৈ কানি!

 ৪ৰ্থ কুলী।— (মাণিকৰ ওচৰ চাপি ফুচফুচাই) ডাঙৰীয়াই সিদিনা বিচাৰি পঠিওৱা বস্তু বন্দীয়ে ঠিক কৰি থৈছোঁ। আজি আনিম বুলি ওলাওঁতেই এইখন আপদে পালে!

 মাণিক।— (অলপ গমি) হেৰ বিহগুটী তই মোৰ তালৈ যাচোন; তাতে, চিপাহীয়ে দেখুৱাই দিব অলপ চৰ্কাৰী কাম আছে কৰগৈ যা। তোক মই যাওঁতে লগতেই চাহাবৰ বঙলালৈ লৈ যাম, যা। (আনে নুশুনাকৈ) তই তাৰেপৰা গুচি যাগৈ, আৰু সেই বস্তুটো লৈ আহগৈ, যা।

 ৪ৰ্থ কুলী।— ভাল, ডাঙৰীয়া!

(প্ৰস্থান)