দ্বিতীয় পট,—থানা।
(এটা চিপাহীৰ সৈতে মাণিকচন্দ্ৰ দাৰোগা বহি আছে)
মাণিক।— তহঁতে দেখ্চোন বাৰু! সেই বদমাচ দেচোৱালী চিপাহীটো পুৱাতে গ'ল এতিয়াও উলটি নাহিল; ইফালে মোৰো গা ধুবৰ সময় হ'লহি।
চিপাহী।— হয় দেউতা, সি বৰ ফিকিৰদাৰ মানুহ। সি বা কি ফন্দী পাতি ফুৰিছেগৈ, কোনে জানে? আমাৰ অসমীয়া এটা যোৱা হ'লে ইমান বেলি কেতিয়াও নহ'লহেঁতেন। (বাটলৈ বেহামেলি চাই) অ, দেউতাই বৰকৈ ভাবিব নালাগে আৰু সৌৱা, ওলাইছেহি।
মাণিক।— (খঙেৰে) হেঁইৱাও বদ্মাচ্ কাহে এটনা ডেৰি হোৱা? তোমাৰ মতলব হাম্ জান্তাহেঁই।
চিপাহী।— নাহি হজুৰ, হামাৰা কুছ্ কচুৰ নাহিহেঁই; চব্ এ দুনো বদমাচ্চে হোতাহেঁই। (বাপুলৈ আঙুলিয়াই) পহিলা হামলোক্কা চাৰঠো আড্মি পূৰা হো গিয়াৰাহা, লেকিন, এহি মণ্ডল আপ্না খুচিছে একঠো ছোৰ দিয়াহেঁই। আওৰ একঠো (কচুখোৱালৈ আঙুলিয়াই) ওহি গাওঁবুঢ়া মতলবচে ভাগ্নে দিয়া হ্যাঁই। ইচোৱাষ্টে এট্না ডেৰি হো গিয়া।
মাণিক।—(বাপু আৰু কচুখোৱালৈ চাই) মই তহঁতৰ ফিকিৰ আগৰেপৰা জানো। তহঁতকো জোখাকৈ এশিকা নিদিলে নহয়। হেৰ, চন্তৰি, ইহঁত দুইকো আটক কৰি ৰাখ, বেলি ভাটী দিলেহে এৰি দিবি।
কচু।— (কাওবাওকৈ) ডাঙৰীয়া, মোৰ ফালে কাণ কৰকচোন। সঁচাকৈ—
মাণিক।— চুপ্, তোৰ মুখ বন্ধ কৰ। মোৰ এতিয়া গোচৰ শুনিবৰ সময় নহয়।