পৃষ্ঠা:গাওঁবুঢ়া.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২০
গওঁবুঢ়া

 ভোগ।— এৰা লগ ধৰাব পৰা হলে যেনিবা ইমান দিনে মুকলিমুৰীয়াকৈ নেৰিলাহেঁতেন। এতিয়াও আমাক সেই ফেৰা উপকাৰ নকৰিলেই ভাল (গহীনভাৱে পাৰ হৈ যাব খোজে)।

 কচু।— নহয়, নহয় শুনিছানে, এনে ছেগত আৰু তোমাক অকলশৰীয়াকৈ এৰি দিব নোৱাৰি। আহাঁ, আহাঁ, লগ ধৰাঁহি। (হাতত ধৰি টানে)

 ভোগ।—(কচুখোৱাৰ হাতখন আছাৰ মাৰি পঠিয়াই) এৰি দিয়াঁহে, বুঢ়া মানুহ হৈ কি ভেঙ্গুচালিখন কৰাঁ! (জোঁটাপুটি লাগে)

 কচু।— কনিষ্ট বাবু, কনিষ্ট বাবু, ধৰও ইয়াকু ধৰও, পাকুৰি লও। (চিপাহীয়ে ভোগমনৰ গল্‌ধনত ধৰি টানি আনে)

 ভোগ।— (কচুখোৱাৰ প্ৰতি) হেৰ, চপনীয়া গোলামৰ পিতেক, তই দোখন বৰকেৰেমতালি কৰ! মই বায়নৰ ঘৰৰ ল'ৰা বুলি দেশখনে জানে। তোৰ দৰে মই ধেনু-চোঁচা কাঁড়ীৰ ল'ৰা নে? মোক কেতিয়াবা কুলী খটা দেখিছিলি নে? বাৰু ব'ল, ডেকেৰা বাবুত কৈ, মই তোৰ আগতে এৰাই আহিব পাৰোঁ নে নোৱাৰোঁ চা। তই দেখোন—(চিপাহীয়ে টেটুত চেপা দি ধৰে)।

 বাপু।— চিপাহী, আভি চলও। বহুত ডেৰি হৈ গিয়া। বাট মে আৰু একঠো পাকুলি লৈ যায়গা।

 চিপাহী।— আচ্ছা, চলও আভি।  (সকলোৰে প্ৰস্থান)