পৃষ্ঠা:গল্প সংকলন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিল্পীৰ হেৰোৱা সপোন

সকলোৰে ওপৰি তাই তাক খুব ভাল পায়। দাঁতত ভাত এটি লাগিলেও কমলে কবিতাক জনায়; আনন্দৰ ভাগ তাইক দিহে শান্তি পায়। সময়ে সময়ে তাইৰ কথা ভাবি তাৰ ভাল লাগে। সিও মানুহ। কবিতাক লৈয়ে কল্পনা সৌধ গঢ়ে সি—এখনি সৰু শান্তিপূৰ্ণ সোণৰ সংসাৰৰ কল্পনা কৰে। কিন্তু কঠিন-কঠোৰ বাস্তব। সি বুকুত বল বান্ধি নতুন উদ্যমেৰে কামত লাগি যায়। শিল্প কলাৰ সাধনাত, সুন্দৰৰ আৰাধনাত,সুন্দৰৰ সৃষ্টিত। প্ৰকৃতিৰ বুকুত লুকাই থকা সৌন্দৰ্য সুষমা ৰাশি উদ্ধাৰ কৰিব বিচাৰে অজ্ঞাত শিল্পী কমলে। তাক প্ৰায়ে দেখা যায় ধুনীয়া ফুলনিত, সেউজীয়া ঘাহনিৰ মাজত, শ্যামল পাহাৰৰ টিলাত, হাবি বননিৰ মাজত, কেতিয়াবা খৰস্ৰোতা তটিনী জুৰি জানৰ পাৰত। কোদাল খন্তিৰে ভূগৰ্ভৰ পৰা ধনৰত্ন উলিওৱাৰ দৰে সি তাৰ তুলি আৰু ৰঙৰ সহায়ত মানুহৰ চকুৰ আগত ডাঙি ধৰিব বিচাৰে বিশ্বৰূপ—প্ৰকৃতি-পুৰুষৰ অপূৰ্ব্ব ৰূপ। মানুহৰ অসাধ্য একো নাই। বিৰোধী শক্তিবোৰক পৰাস্ত কৰি জয়যুক্ত হোৱাই জীৱনৰ গৌৰৱ—মানুহৰ ধৰ্ম্ম। কলা চৰ্চ্চাৰ কাৰণে সি গোটেই জীৱনটো উচৰ্গা কৰিব, দৰকাৰ হলে কলাৰ কাৰণে সি তাৰ প্ৰেয়সী কবিতা জনীক এৰি থৈ গুচি যাব ক’ৰবালৈ।

 ভাৰতীয় কলা চৰ্চ্চাৰ অপূৰ্ব্ব উৎকৃষ্ট নিদৰ্শন ‘সপোনৰ ভাৰত’ ছবিখনে এজন অজ্ঞাত শিল্পীক বহুৱালে জগতৰ শ্ৰেষ্ঠ কলাশিল্পীসকলৰ শীৰ্ষস্থা নত সন্মানৰ আসনত। প্যাৰী আন্তৰ্জাতিক প্ৰদৰ্শনীত ২য় পুৰস্কাৰ পালে ভাৰ- তীয় চিত্ৰকৰ কমলে। লগতে পালে বিস্তৰ ধন আৰু জগতত নুমাব নোৱাৰা নাম-যশস্যা। কমলে বিজয় দৰ্পে সগৌৰৱে নিজক প্ৰতিষ্ঠা কৰিলে অভিমানী সমাজৰ বুকুত। বৰ্ত্তমান তাৰ স্থান কলিকতাৰ সেই অৱহেলিত পদদলিত ফুটপাথত নহয়—কুৰি শতিকাৰ বিজুলী বাতিৰে আলোকিত, আধু- নিক বিজ্ঞানে দিয়া আৰাম, সুখ-সুবিধা বিলাসিতা, আভিজাত্য পুৰ্ণ সুদৰ্শন তিনিমহলা অট্টালিকাৰ ‘ফ্লাটৰ (Flat ) ওপৰত। আজি ৰঙা নীল৷ বিজুলী