পৃষ্ঠা:গল্প সংকলন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গল্প সঙ্কলন ২য় ভাগ

লগত কিবা বিষয়ে আলোচনা কৰি কলেজ পাৰ্কত সোমাল। নাম নজনা চিত্ৰকৰৰ সৰু দোকানখনে সেই বিদেশী পৰ্যটক শিল্পাচাৰ্যের দৃষ্টি আকৰ্ষণ কৰে। গভীৰ মনোযোগেৰে তেওঁ ছবিবোৰ চাব ধৰে। হঠাৎ তেওঁ আনন্দ উচ্চাসত চিঞৰি উঠে—“মহান ভাৰত ভূমিৰ য’তে ত’তে কবি-শিল্পীৰ জন্ম হয়।” এই বুলি তেওঁ জেপৰ পৰা এশ টকীয়া নোট এখন উলিয়াই নিঃকিন দোকানী জনব হাতত দি কলে, “তুমি আপত্তি নকৰিবা, মই তোমাৰ এই ছবি দুখন কিনিলোঁ। বোধ হয় শুনিছা, অলপতে প্যাৰী নগৰত এখনি আন্তৰ্জাতিক কলা প্ৰদৰ্শনী হব। ভাৰতৰ প্ৰতিনিধিমূলক চিত্ৰ-শিল্প ভাৰতীয় সুকুমাৰ কলাৰ উৎকৃষ্ট নিদৰ্শনবোৰ সংগ্ৰহ কৰিবাৰ কাৰণে মই ভাৰতৰ নানা ঠাইত ঘুৰি ফুৰিছো।” অজ্ঞাত চিত্ৰকৰৰ নাম-ঠিকনা তেওঁ নিজৰ নোটবুকত টুকি লৈ কলে “প্যাৰীৰ কলা প্ৰদৰ্শনীতে তোমাৰ এই ছবিখন ‘সপোনৰ ভাৰত’ দেখুৱা হব। যদি এইখন বিচাৰক সকলৰ বাচনিত উঠে তেন্তে বাচাধন, তোমাৰ ভাগ্যক শত ধন্যবাদ দিবা।” এই বুলি কৈ তেওঁ গুচি গল নিজৰ গন্তব্য স্থানলৈ চিত্ৰকৰ জনক অবাক আৰু আচৰিত কৰি। ৰিদেশী বৃদ্ধ ভদ্ৰলোক জনৰ সৰল কথাবোৰ সি বিশ্বাস কৰিব নোৱাৰিলে। সি তেওঁৰ পৰা আশাতীত ধন পাইছে। সি যেন সপোনহে দেখিছে। যি হক তাৰ অঁকা ছবি দুখনৰ বিনিময়ত প্ৰচুৰ ধন আৰু আনৰ মুখত নিজৰ কামৰ প্ৰশংসা শুনি নতুন আশা আক আনন্দত তাৰ হৃদয় নাচিব ধৰে। সি ভাবে —কি জানি এনে গৌৰৱময় দিন আহিৰ, যিদিনা সি সচাকৈয়ে সাধনাত সিদ্ধি লভিব, তাৰ শিল্প প্ৰতিভাক সকালোৱে একমুখে স্বীকাৰ কৰিব, দহজনৰ মাজত নিজক প্ৰতিষ্ঠ৷ কৰিব সগৌৰৱে।

 উগুল থুগুল অন্তৰৰে সি লৰালৰিকৈ ছবিৰোৰ সামৰি লৈ ঘৰমুৱা হল। পোনেই সি তাৰ বাল্য লগৰী, যৌৱনৰ প্ৰেমাস্পদ তাৰ অতি মৰমৰ কবিতাৰ ওচৰলৈ গৈ সেই স্মৰণীয় ঘটনাটোৰ কথা বিবৰি কয় গৈ। ভাই শিল্পীৰ বিজয় গৌৰৱত গৰ্ব্বিতা হৈ তাৰ গাত ধৰি নাচিব ধৰে। তাইৰ উদ্‌গণি, অনুপ্ৰেৰণা অথলে যোৱা নাই। তাই শিল্পীৰ সাধনাৰ বাটত প্ৰতি বন্ধক নহয়; তাৰ প্ৰেৰণাৰ উৎস, উৎসাহ দাত্ৰী, শিল্পীৰ গুণমুগ্ধ ছাত্ৰী বা শিষ্যা।