পৃষ্ঠা:গল্প সংকলন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিল্পীৰ হেৰোৱা সপোন

 জনবহুল ব্যস্ত কলিকতা। কলেজ স্কোয়াৰ পাৰ্কৰ এচুকত ফুটপাথৰ ওপৰতে তাৰ দোকানখন। ৰেলিঙত তাৰ অকা ছবিবোৰ বেছি ভাগেই অমৰ পুৰুষ, বিখ্যাত মনীষী, সাহিত্যিক, দাৰ্শনিক, কবি, দেশৰ নেতা, সমাজ সংস্কাৰক, ধৰ্ম্মবীৰসকলৰ। কেইটামান বগা-কলা ৰেখাৰে মানুহৰ চকুৰ আগত উজ্জল জীৱন্ত কৰি তুলিবলৈ চিত্ৰকৰৰ কি যে অদম্য প্ৰয়াস! দুই এজন পথিকে তাৰ দোকানৰ কাষেৰে যায়, তাৰ ছবিবোৰলৈ চাই যায়; কোনোৱে বা দাম-দৰ সুধিও গুচি যায়।

 এজন দীঘল ক্ষীণকায় মানুহ। অতি নিঃ কিন বেশত ৰেলিঙত মুৰ ৰাখি পেভমেণ্টৰ ওপৰতে সদায় বহি থকা দেখা যায় ৰাতিপুৱাৰ পৰা সন্ধ্যালৈ। বিৰাট চহৰখনৰ কম মানুহে জানে সিয়েই চিত্ৰকৰ, এজন অজ্ঞাত শিল্পী সি। বহু দুৰ্ভ গীয়াৰ দৰে সিও গৰীব, অভাৱগ্ৰস্ত; অৰ্থচিত্তা অন্নবস্ত্ৰৰ চিন্তা সদায় তাৰ পিছে পিছে ফুৰে। অক্লান্ত কষ্ট সাধনাৰ দ্বাৰাও নিজক প্ৰতিষ্ঠা কৰিব পৰা নাই। তাৰ শুকান চিন্তাযুক্ত মলিন মুখখনিত সেই একে কথাই, একে বেদনাই পৰিস্ফুট হৈ উঠে। সাংসাৰিক চিন্তাৰ তাড়নাত পাৰ্কৰ ৰেলিঙত আউজি শুই পৰে সি নিজৰ অজ্ঞাতে। টোপনিত সি নতুন জীৱনৰ বঙীন আশাৰ সপোন দেখে।

*  *  *  *

 এজন বিশ্ববিখ্যাত ইউৰোপীয় বৃদ্ধ ভদ্ৰলোক। তেওঁ অজন্তা গুহা, শান্তিনিকেতন, পুৰী, ভুবেনশ্বৰ আদি অতীত ভাৰতৰ গৌৰৱময় কলা তীৰ্থবোৰ পৰিদৰ্শন কৰি এই মাথোন কলিকতাত পদাৰ্পন কৰিছেহি। মানুহে কয়— তেওঁ হেনো ‘প্যাৰী নেচনেল আৰ্ট গেলাৰী’ৰ এজন অধ্যক্ষ আৰু প্যাৰী বিশ্ব- বিদ্যালয়ৰ সুকুমাৰ কলাৰ এজন প্ৰাক্তন অধ্যাপক। তেওঁ কেইজনমান মানুহৰ