পৃষ্ঠা:গল্প সংকলন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বোকাৰ পদুম


 টাউনত আমাৰ উষাৰ নাম নজনা লোক কমেই ওলাব। অসমৰ শ্ৰেষ্ঠ গায়িকা সকলৰ ভিতৰত উষাও অন্যতমা। ক্যাৰ গৌৰবত ময়ো গৰ্ব্বিত।

 অলপতে যোৰহাটত হৈ যোৱা অসম সঙ্গীত প্ৰতিযোগিতাত ঊষাই সুমধুৰ সুৰৰ আধুনিক গান গাই ১ম পুৰস্কাৰ আৰু সম্মান লাভ কৰিছে। সেই গানে তাইক অসমৰ “শ্ৰেষ্ঠা গায়িকা” আৰু সঙ্গীত শিল্পীৰ আসনত বহু- ৱালে। দেশী-বিদেশী সঙ্গীত বিশাৰদ সকলৰ পৰা উচ্চ প্ৰশংসা পত্ৰ আৰু অভিনন্দন মোৰ ঘৰলৈ আহিছে। তদুপৰি স্থানীয় বেঁতাৰ যোগে উষাই সপ্তাহত দু’দিন গান গাব লাগে। এইদৰে তাই যথেষ্ঠ উপাৰ্জ্জন কৰে। কিন্তু তাইৰ উপাৰ্জ্জনত মোৰ হাত নাই।

 এতিয়া আমি টকা পইচাৰ কাৰণে চিন্তা কৰিব নালাগে। কাৰণ মোৰ পেন্‌চনৰ টকাতে সুন্দৰ ভাবে আমাৰ সংসাৰ চলে।

*  *  *  *

 অসম ৰংমহল মুভিটোন কোম্পানীৰ নামজাদা প্ৰযোজক-পৰিচালক মিঃ বৰুৱা আমাৰ ঘৰলৈ সঘনে আহে। সিদিনা ঊষাৰ বিষয়ে কথা বতৰা হল—

বৰুৱা—মিঃ হাজাৰিকা, উষাৰ ভবিষ্যত সম্বন্ধে আপুনি কি থিক কৰিছে?
 সন্তানৰ কৰ্ম্ম-বাচনিত অভিভাবকৰ মতামত আবশ্যক।

হাজাৰিকা—আপুনি ধোৰ অন্তৰঙ্গ বন্ধু! এই বিষয়ে আপোনাৰ অভিমত?

বৰুৱা—হাজাৰিকা, আগৰে পৰা মই কৈ আহিছো, তাকেই আজিও কওঁ,
 ঊষাই চিত্ৰ জগতত নামক, তাই খুব নাম কৰিব পাৰিব। অসমীয়া
 ডেকা-গাভৰুৰ কাৰণে এই ক্ষেত্ৰত বিৰাট সুযোগ পৰি আছে।

হাজৰিকা—বৰুৱা, তেনে সৌভাগ্য মই আশা নকৰো; কিন্তু—তাই জীবনত
 সুখী হওক,—এয়ে মোৰ একমাত্ৰ কামনা।

বৰুৱা—হাজৰিকা, মই আপোনাক বুজাবলৈ অপৰাগ। আপুনি জানে, চিনেমা
 ৰঙ্গমঞ্চ, নাটক, শিল্প, শিক্ষাদি সকলো বিষয়তে অসম তেনেই পিচ পৰা।