পৃষ্ঠা:গল্প সংকলন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
গল্প সঙ্কলন ২য় ভাগ


তেওঁৰ আছিল সুন্দৰ শাৰীৰিক গঠন, তাতোকৈ সুন্দৰ স্বভাব-চৰিত্ৰ। তেওঁ মোৰ জীবনত শান্তিৰ নিজৰা বোৱাইছিল। নিশাৰ কথা মোৰ গোটেই জীবনত পাহৰিব নোৱাৰো।

 আমাৰ প্ৰেম মধুৰ দাম্পত্য জীবনৰ কুৰিটি বছৰ বৰ সুখ-শান্তিৰে পাৰহৈ গল। ইমান দিনে নিশা আৰু মোৰ মাজত কোনো দিনে কাজিয়া বা মতানক্য হোৱা নাছিল। কিন্তু বিধাতাৰ চকুত পোৰনি উঠিল। মাজবয়সত নিষ্ঠুৰ বিধাতাই মোৰ বুকুত শক্তিশেল হানিলে।

 অকালতে মই নিশাক হেৰুৱালো। মোক মাত্ৰ এজনী ছোৱালী উপহাৰ দি নিশাই প্ৰসব কালত প্ৰাণ এৰিলে। তিৰোতা হচপিতালৰ লেডি ডাক্তৰ আৰু নাৰ্চ সকলৰ সকলো চেষ্টা, যত্ন, আপডাল ব্যৰ্থ কৰি মোৰ প্ৰাণৰ প্ৰেয়সী নিশাই চিৰশান্তি ধামলৈ প্ৰয়ান কৰিলে। নিশাৰ মৃত্যুৰ পিচৰ পৰা মোৰ জীৱনৰ ধাৰা সম্পূৰ্ণৰূপে বদলি গৈছে। হিতাকাঙ্খী বন্ধু সকলে হৃদয়ৰ দুখ উপশম কৰিবলৈ, ২য় বাৰ বিবাহ কৰিবলৈ মোক অনুৰোধ কৰিছিল। কেইবা গৰাকী বৃদ্ধা মহিলাই পুনৰ বিয়া কৰিবলৈ মোক জোৰ কৰিছিল। আনকি তেওঁ লোকে মোৰ কাৰণে ভাল ছোৱালী ঠিক কৰিছিল। কিন্তু মই হিমালয়ৰ দৰে অচল অটল। ২য় বাৰ বিবাহ বন্ধনত সোমাই মনৰ শান্তি ফেৰা হেৰুৱাব নোখোজো।

 অলপতে শিক্ষকতা কামৰ পৰাও অবসৰ লৈছোঁ। বৰ্ত্তমান মোৰ কাম নানা দেশৰ সাহিত্য চৰ্চ্চা কৰা, প্ৰবন্ধ, গল্প আদি লেখা আৰু উষাৰ শিক্ষাদীক্ষাৰ প্ৰতি যতন লোৱা। তাই মোৰ কণাৰ লাখুটি আৰু জীবনৰ একমাত্ৰ সম্বল। বৰ আজলী ছোৱালী জনী তাই। সৰুৰেপৰা উষাৰো সঙ্গীতত বৰ ৰাপ দেখা গৈছে। নাচ-গানত তাই একেবাৰে বাউলী জনী। পঢ়াশুনাতো তাই বৰ বেয়া নহয়। তাইৰ শিক্ষক সকলৰ মুখে তাইৰ বুদ্ধি বৃত্তিৰ প্ৰশংসা শুনি মোৰ হৃদয় আনন্দত আপ্লুত হয়।