পৃষ্ঠা:গল্প সংকলন.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বননিৰ অনুৰাগ

 বালিপাৰা ফ্ৰণ্টিয়াৰ অঞ্চলৰ অটব্য জঙ্গলৰ মাজত এটা ৰহস্যজনক নিৰ্ম্মম হত্যাকাণ্ডৰ ফলত অসমৰ এজন বিখ্যাত চিকাৰী মৰা পৰিল আৰু লগতে পাহাৰী গাওঁ এখনি উজাড় হৈ গল। বাতৰি কাকতবোৰৰ জৰিয়তে এই হত্যাকাণ্ডৰ বিবৰণ, তদন্ত বিচাৰ আদিৰ কথা অসমৰ এমূৰৰ পৰা সিমূৰলৈ ৰাষ্ট্ৰ হৈ পৰিছিল।

 ভৈৰবকুণ্ডৰ নামনিত সেই পাহাৰী গাওঁ খনত চাওতাল, নেপালী অৱসৰী কুলি আৰু নানা জাতিৰ মানুহৰ বসতি। বছৰে বছৰে ধনশিৰী নদীৰ প্ৰবল বানৰ প্ৰকোপত তিষ্ঠিব নোৱাৰি সিহঁতে পাহাৰৰ গাতে নিজৰ নিজৰ ঘৰ সংসাৰ গঢ়ি তুলিছে বহু কষ্টৰে। পাহাৰৰ গাত প্ৰকাণ্ড গছ বিৰিখ হাবি-বন চাফা কৰি খেতি কৰি জীৱিকা চলোৱা সচাকৈয়ে কষ্টসাধ্য। প্ৰকৃতিৰ বুকুত শস্য উৎপাদন কৰিবলৈ সিহঁতে প্ৰকৃতিৰ লগত দিনে ৰাতিয়ে অবিৰাম যুদ্ধ কৰিব লাগে, নদীৰ পৰা নালা কাটি পথাৰলৈ পানী আনে, পথাৰত কোৰ কোদাল মাৰি ধানৰ খেতি কৰে। পথাৰৰ পকা ধান—মুখৰ ভাত খিনি ৰক্ষা কৰিবলৈ বনৰাজ ‘হাতী গোসাই’, ভালুক, আদিৰ লগত সিহঁতে সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে আপ্ৰান যুদ্ধ কৰে। প্ৰাকৃতিক শক্তিৰ লগত মানুহৰ জীৱন সংগ্ৰাম চাবলগীয়া!

 প্ৰকৃতিৰ লগতে সিহঁতে গাব জানে আৰু নাচিব জানে। প্ৰতিবছৰ চাওঁতাল বস্তিত নাচগান, আৰু পান ভোজন চলে। ডেকা-গাভৰুৱে মিলিবৰ সুযোগ পায়। দুখৰ মাজত পোৱা খন্তেকীয়া অনান্দৰ মূল্য বৰ আপুৰুগীয়া।

 দেউলগুৰি টাউনৰ বিখ্যাত চিকাৰী ৰাজা বাবুৰ কথা কোনে নাজানে? ৩৫ বছৰীয়া তৰুন, ধনী বিলাসী আৰু চিকাৰ প্ৰিয় বৰলা তেওঁ। তেওঁৰ