পৃষ্ঠা:গল্প সংকলন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
গল্প সঙ্কলন ২ ভাগ


 ফেৰীখনে নিজ গতিৰে সহযাত্ৰী সকলক লৈ ক্ৰমে আগবাঢ়ি গৈ আছে। ৰোগীয়ে অলপ ভাল পাই “পানী পানী” বুলি চিঞৰি উঠিল। ভদ্ৰ মহিলাই, মুখত অলণ পানী দিলে। তেওঁৰ মুখত এটি ক্ষীণ হাঁহি ওলাল — যেন আশাৰ সঞ্চাৰ হল। সেই হাঁহি মধুৰ— অপূৰ্ব্ব!

 গধুলি ৬ বজাত নিয়ামাটী ঘাট চাপি ফেৰীয়ে দীঘল হুইচেল মাৰিলে। খালাচীহঁতে ঘাটত লঙ্গৰ পেলালে। যাত্ৰী সকলে নিজৰ নিজৰ মালবস্তুলৈ নামিবলৈ সাজু হল। ইতি মধ্যে কেইজন মান সহযাত্ৰীয়ে তেওঁলোক দুজ- নক স্থানীয় চিভিল হচ্‌ পিতালত ৰখাৰ ব্যৱস্থা কৰিছে। ময়ো মোৰ গন্তব্য স্থানলৈ গলোগৈ। মুঠতে তেওঁলোকৰ, কাৰণে ভাল ব্যৱস্থা হৈছে।

 পিচ দিনা আবেলি চিভিল হচপিতালত সোমালো। তেওঁলোক দুজনৰ (স্বামী-স্ত্ৰী) বিষয়ে খবৰ লবলৈ; যদিও তেওঁলোক মোৰ কোনো নহয়।

 বৈঠক খানাতে বহু সময় বহি আছো; এনেতে দুজনী ধাত্ৰী (তেওঁলোক গাভৰু ছোৱালী) মোৰ ওচৰেদি যাওঁতে সুধিলোঁ,—“ভনিটি, যোৱা কালি গধুলি এজন ৰোগী আৰু তেওঁৰ ৰূপবতী স্ত্ৰী ইয়াতে ভৰ্ত্তি হৈছে। তেওঁলোক ক’ত বাৰু?” ধাত্ৰী দুজনীয়ে মুখামুখি কৰি ইঙ্গিত পূৰ্ণ হাঁহি মাৰি উত্তৰ দিলে, “এৰা, কেলেই? আ পানাৰো কিবা লাগে নেকি?”

 মই কলো, “মই তেওঁলোকৰ একো নহওঁ; কিন্তু সিদিনা জাহাজৰ সহযাত্ৰীহে আছিলো।” —মোৰ কথা শুনি তেওঁলোকে ঠাট্টাৰ হাঁহি হাঁহি কলে, “অ বুজিছো তেনেহলে। তেওঁলোক কিন্তু আজি ৰাতিপুৱা ১০ বজাত ইয়াৰ পৰা গুচি গল। ৰোগীও ভাল হৈছে। তেওঁলোকৰ ঠিকনা লাগে যদি, আপুনি অনুসন্ধান অফিচত খবৰ কৰিব পাৰে।” – মোৰ ফালে কেৰাহীকৈ চাই ধাত্ৰী দুজনীয়ে নিজৰ কামত গল আৰু অধিক অনুসন্ধান নকৰি নিজৰ মান সভ্ৰম ৰাখি নিজৰ ঠাইলৈ আহিলো। মোৰ মনত দুঃখ ৰৈ গল, এজন সহযাত্ৰী হিচাবে তেওঁলোকৰ প্ৰতি সহানুভুতিশীল হৈও যথা- সময়ত মই এষাৰ কথাকে কব নোৱাৰিলো।

⸻:০:⸻