পৃষ্ঠা:গল্প সংকলন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
গল্প সঙ্কলন ২য় ভাগ

কান্দিব ধৰিলে। এই কৰুণ স্বৰ্গীয় দৃশ্যই বীৰ সৈনিক জনৰ কঠোৰ হিয়া পৰিবৰ্ত্তন কৰিলে। ক্ষন্তেকতে তাৰ উন্মাদতা আৰু মনৰ কুঅভিপ্ৰায় আঁতৰি গল। —ভগবানৰ অশেষ কৰুণা!

 এতিয়া সেই সৈনিকবেশী ডাক্তৰ মোহনে নিজৰ মাৰাত্মক ভুল—নিজৰ তিৰোতা আৰু সন্তানৰ প্ৰতি কৰা অন্যায়-অবিচাৰ বুজিব পাৰিলে। তেওঁ কান্দি থকা কেচুৱাটিক আলফুলকৈ তুলি নিজৰ বুকুত সাবটি ললে। কাৰণ ভেওঁৰ অন্তৰাত্মাই কৈ দিলে—“তুমি পিতৃ হৈ নিজৰ সন্তানৰ প্ৰতি অবিচাৰ কৰিবা নে?”

⸻:০:⸻


‘সময় নাই’

 অকলশৰীয়া ভাগৰুৱা পথিকৰ দৰে জীৱনৰ খলাবমা বাটেদি গৈ আছো........। জীৱনত বহু লুটি বাগৰ খাইছো, জীবনন্ত বহুত ঘাত-প্ৰতিবাত পাইছো— সকলোবোৰে তিক্ততা আৰু নিৰাশাৰ গভীষ চাপ বহুৱাই গল! সংসাৰ চাকনৈয়াত পৰি জীৱন-নাওখনিও ডুবুডুবু, দিশাহাৰা, লক্ষ্যভ্ৰষ্ট— প্ৰদীপ নুমাবলৈ কিন্তু বেচি সময় নাই —চাকিত তেল থকা সময় খিনি লৈকে জ্বলি থাকিব!

 সৰুৰে পৰা মই নিৰ্জ্জনতা ভাল পাওঁ। নিৰ্জ্জন হাবি বন, পৰ্ব্বত পাহাৰ, জুৰি-নদীৰ বুকুত কিবা পৰম শান্তি বিচাৰি পাওঁ। তথাকথিত ‘ভদ্ৰ সমাজ’ মোৰ ভাল নালাগে। সেই কাৰণে টাউনৰ পৰা ভালেখিনি