পৃষ্ঠা:গল্প সংকলন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ঘোৰ অন্ধকাৰ আউসী ৰাতি এজন সৈনিকৰ সাজ-পাৰ পিন্ধা যুৱকে পৰ্ব্বত-পাহাৰ ভাঙি নানা বুদ্ধিৰে সঙ্কটজনক ঠাইবোৰ অতিক্ৰম কৰি ৰাতি ৯ বজাত এটা সৰু ষ্টেচনত নামি পৰিল। ষ্টেচনৰ পৰা এটা সৰু ৰাস্তা গাৱঁৰ পিনে গৈছে। এনে সময়ত গৰুৰ গাড়ী বা ৰিক্সা পাবলৈ উপায় নাই। পিঠিত বোজাটো, গাত মিলিটাৰী সাজ-পাৰ, ভৰিত বুটজোতা। টৰ্চৰ পোহৰত সি সাৱধানে বেগাই গাৱঁৰ ফালে খোজ ললে। তাতে বতৰ আছিল ডাৱৰীয়া। এন্ধাৰ ৰাতি। — গাৱঁৰ বোকা-পানীৰে ভৰা খলা বমা বাট। মাজে মাজে তাৰ ভৰি পিচলি যায়। ভাগৰ, ভোক-পিয়াহ; তথাপি সি আগুৱাই গৈছে। ইফালে বিজুলীৰ চমকনি, ধুমুহাৰ আগ-জাননী। তাৰ মনৰ বেগ যেন ধুমুহা বিজুলীতকৈয়ো প্ৰৱলতৰ হব।

 অৱশেষত এটা ডাঙৰ ঘৰৰ সন্মুখত সি ৰৈ গল। গেটৰ ওচৰলৈ গৈ দেখে, গেট বন্ধ তলা-চাবি লগোৱা। ঘৰৰ পিচ ফালেদি গৈ ওখ দেৱালখন পাৰহৈ হাউলীত প্ৰবেশ কৰে। তেতিয়া মাজ ৰাতি। পশ্চিমৰ বাগিছা খনৰ ফালে তেতিয়াও খিৰিকী খন খোলা আছে। এটি ক্ষীন আলো আহি বাগিছাত পৰিছে। সন্তৰ্পণে চোৰৰ দৰে চাৰিওফালৈ এবাৰ চকু ফুৰাই লৈ সেই খোলা খিৰিকীৰ ফালে আগবাঢ়ে। সি বুটজোতা পিন্ধিয়েই খিৰিকীৰ মাজেৰে জাপ দিলে ঘৰৰ ভিতৰত।

 গভীৰ ৰাতি হঠাতে এনে এটা ভীষণ শব্দ শুনি ঘৰৰ ভিতৰৰ পৰা ‘চোৰ—চোৰ’ বুলি কোনোবাই আৰ্ত্তনাদ কৰিলে। সি পুৰুষ, আন গৰাকী তিৰোতা—হিতাহিত জ্ঞান শূন্য। এজন উন্মত্ত, আনজন ভয়াৰ্ত্ত আক তন্দ্ৰালু। প্ৰবেশকাৰীৰ এহাতে পিস্তল আন হাতে টৰ্চ। টৰ্চৰ পোহৰত তেওঁ স্পষ্টকৈ দেখিলে, এখনি পবিচিতাৰ মুখ—কোলাত এটি সুন্দৰ কেচুৱা৷ চাই থাকোতে মুহুৰ্ত্তৰ ভিতৰতে মুৰ্চ্চা গৈ তিৰোতাজনী মাটিত বাগৰি পৰিল। তাৰ হাতৰ পিষ্টল মুঠিৰ পৰা সুলকি পৰিল। কেচুৱা লৰাটিয়ে মাকৰ বুকুত পৰি চিঞৰি