পৃষ্ঠা:গল্প সংকলন.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গল্প সংকলন ২য় ভাগ


 এন্ধাৰ গোপন অভিসাৰ! মোহনেও চাইকেলৰ ব্ৰেক টানিলে। হুচেইনে ফলে—“Get down my boy. Thank God, She is in. After all, you are a lucky Chap.” — আনন্দ উল্লাসত অভিভাৱকৰ দৰে হুচেইনে মোহনক আদেশ কৰে। মোহনে দেখিলে সৰু, চাইন বোৰ্ড এখনত স্পষ্ট লেখা আছে— “Miss Margarette Matron, Nurses’ Quarters;” Base Camb Hospital” —তেওঁ এগৰাকী খাচীয়া মহিলা; পৰিচিত কিম্বা অপৰিচিত ভদ্ৰ অতিথি সকলৰ প্ৰীতি আপ্যায়নত পটিয়সী। এই বিষয়ে তেওঁৰ যথেষ্ট সুনাম আৰু খাতিৰ আছে। উপাৰ্জ্জনো আছে যথেষ্ট।

 ডাক্তৰ হুচেইনৰ অভিপ্ৰায় বুজিব পাৰি, মোহনে বিষণ্ণ ভাৱে কলে, “I am very sorry, Mr. Hussain Really I was not prepared for it: Please excuse me and let me go.”—উত্তৰলৈ আপোক্ষই নকৰি মোহন গুচি গ’ল।

 অৱশ্যে ডাক্তৰ মোহনে বিবাহিত স্বাক্ষী হিচাবে, হুচেইনৰ অভিপ্ৰেত কুকৰ্ম্ম সমৰ্থন নকৰি ভালেই কৰিলে। কিন্তু এইটোও ঠিক যে, এই জগ- তত সকলোৱে আদৰ্শব্যক্তি হব নোৱাৰে। প্ৰতিকূল অৱস্থাৰ মাজত বহু- তেই কঠোৰ নৈতিকতা, সংৰক্ষনশীলতা বজাই ৰখা কেতিয়াবা অসম্ভব হৈ পৰে৷ ডাক্তৰ হচেইনো যুদ্ধলিপ্ত মৰনমুখী এজন সৈনিকহে মাত্ৰ।

 চিন্তাই চিন্তা মাতি আনে। সেই দিনাৰ ঘটনাৰ পিচত মোহনৰ মগ- জুত বাহ ললে—মানুহৰ প্ৰতি সন্দেহ আৰু অবিশ্বাস। মোহনে নিজেই জানে, নিজ চকুৰে কত দেখিলে, যুদ্ধৰ সময়ত সমাজৰ শিথিলতা, ব্যভিচাৰ! তাৰ ফলত শ‍ই শ‍ই যুদ্ধজাত জাঁৰজ সন্তানৰ আবিৰ্ভাব। উষাৰ চৰিত্ৰত নিজৰ সন্তানই বিষয়েও নানা দুঃচিন্তা মোহনৰ মনলৈ আহে। ওথেলোৰ দৰে সৰল চিতিয়া, দুৰ্ব্বলমনা মানুহে তেওঁৰ প্ৰিয়তমা ডেচ্‌ দিমোনাৰ প্ৰতি অবিচাৰ কৰিলে—আচৰিত হব লগীয়া একো নাই।