পৃষ্ঠা:গল্প সংকলন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কেম্পত এৰাতি


 এই হাবিৰ মাজত এনেহেন দীপলীপ ছোৱালীজনীক বৰুৱাই কেনেকৈ নিজৰ পত্নীৰূপে লাভ কৰিলে এই কথা মই বৰুৱাক নুশুধি নোৱাৰিলো। ভাষ উত্তৰত বৰুৱাই কলে---- “যোৱা আগষ্ট মাহত আমাৰ বিয়া হৈ গল। বৰ্ত্তমান ইংৰাজী ভাষাত কব গলে, আমাৰ honeymoon মধু চন্দ্ৰিকা চলিছে। এই কথাষাৰত তিৰোতাজনীৰ গালদুখনে বোল সলালে —লেম্পৰ পোহৰত স্পষ্ট দেখিলো। তেওঁ লাজতে ৰঙামুৱা হৈ একেচাৰে পৰ্দ্দাৰ আঁৰত অবস্থান কৰিলে। মই দুয়োজনলৈ লক্ষ্য কৰি বুজিব পাৰিলো—উভয়ে সুখী আৰু আনন্দিত। এনেস্থলত তেওঁলোকৰ সুখ সৌভাগ্যক অভিনন্দন জনাই মই প্ৰকৃত বন্ধুৰ কামেই কৰিলো।

 গৃহিণীৰ সাদৰ অনুৰোধত আমি খোৱা আৰম্ভ কৰিলো। বোধ হয় গৃহিণীৰ তৎপৰতাৰ গুণে কম সময়ৰ ভিতৰত কেইবা ৰকমো থোৱাবস্তু মেজৰ ওপৰত হাজিৰ হল। খাই খাই মই তেওঁক প্ৰশংসা কৰিলোঁ। নাৰীৰ মধুৰ সংসৰ্গত পুৰুষৰ জীৱন মধুময় হয়; নিৰ্জীৱ শিবিৰো স্বৰ্গত পৰি ণত হয়; এডাম আৰু ইভ নহলে ভগবানৰ নন্দনকানন অসম্পূৰ্ণ। নানা কথা কোৱাৰ লগে লগে মোৰ কুমাৰ মনটোৱে ভাবিব ধৰিলে।

 খোৱালোৱা আৰু প্ৰাণখোলা কথাবতৰাৰ পিচত কেম্পৰ আবহাওৱা নিজৰ ঘৰুৱা যেন বোধ হল। ৰৰুৱা পত্নীয়ে নিজে মোৰ কাৰণে বেলেগ বিছনা কৰি দিলে আৰু মোৰ সুখ-সুবিধা আৰামৰ ব্যৱস্থা কৰিলে। বগা ধপধপিয়া কোমল বিচনাৰ ওপৰত মোৰ ভাগৰুৱা শৰীৰটো পেলাই দিলোঁ। বৰুৱাই মূৰ শিতানত থকা লেম্প নুমাই দি মোৰ কাষতে চকী এখনত বহি পৰিল। খন্তেকৰ কাৰণে মোৰ মানসপটত কলেজ আৰু হোষ্টেলৰ মধুৰ স্মৃতিবোৰ এটি এটিকৈ ভাহি উঠিল। মোৰ টোপনি আহিব ধৰিছিল, এনেতে বৰুৱাই তেওঁৰ জীৱন-পুস্তক'ৰ এটি সুন্দৰ আধ্যায় মোৰ অলস চকুৰ আগত দাঙি ধৰি টোপনিক আঁতৰাই ৰাখিলে। বৰুৱাই কৈ গল—

 “জন্ম-মৃত্যু-বিবাহত মানুহৰ হাত নাই।” —মানুহে কয়। কিন্তু মই