পৃষ্ঠা:গল্প সংকলন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিল্পীৰ হেৰোৱ৷ সপোন


মঞ্জিল”ৰ বিষাক্ত পৰিবেশ ত্যাগ কৰি শিল্পী কমলে পলাই যাবৰ ইচ্ছা কৰে। বাচিবৰ এতিয়াও সময় আছে। কিন্তু যাব কলৈ? ৰঙীন কাচঁকে মহামূল্য হীৰাৰত্ন বুলি বুকুত সাবটি থাকিব নোৱাৰে। কমল কলাৰ পূজাৰী—সুন্দৰক সৃষ্টি কৰাই যে তাৰ কাম।

 শিল্পীয়ে অনুতাপ অগণিত, অসহ্য যন্ত্ৰণাত ছটফট কৰে। তাৰ ভৰিৰ তলত জ্বলন্ত অগ্নিকুণ্ড, চাৰিও পিনে ঘোৰ অন্ধকাৰ। যি ফালেই চায়, সি- ফালে লোভ-সনা মৰীচিকাৰ অভিনব খেলা। উপায়হীন, দিশহাৰ৷ শিল্পীয়ে ভয়ত কান্দিব ধৰে; মাজে মাজে চিঞৰি উঠে, “আলো! আলো! মাত্ৰ এধানি পোহৰ!’’ এবাৰ ঘোৰ অন্ধকাৰৰ মাজেৰে সাহসেৰে চাই পঠিয়ায়। আচ- ৰিত কথা! অন্ধকাৰ ঠেলি পূবেৰুণৰ দৰে এটি ক্ষীণ পোহৰ ক্ৰমে ক্ৰমে প্ৰতিভাত হৈ কমলৰ পিনে আগবাঢ়ি আহিছে। সি চকু দুটা মোহাৰেনিজক সচেতন কৰিবলৈ। হাতত প্ৰদীপটে৷ লৈ এজনী দেৱী নে মানৱী ধীৰে ধীৰে আহি কমলৰ সন্মুখত উপস্থিত। প্ৰদীপৰ আভাত ভালকৈ নিৰিক্ষণ কৰি কমলে দেখে—তেওঁ দেৱী, অপেশ্বৰী বা আন কোনো মানবী নহয়— তাৰেই পৰিচিতা দেবীৰূপা কবিতা। মুখমণ্ডল দিব্য জ্যোতিৰে উদ্ভাষিত, মুখত মধুৰ হাঁহি। শিল্পীয়ে আনন্দত আত্মহাৰা হৈ মাতিব চেষ্টা কৰে, কিন্তু আচৰিত কথা, সি মাতিব নোৱাৰে, কিহবাই যেন মুখত সোপা দিছে। আকোৱালি ধৰিবলৈ সি আগবাঢ়ি যায়; কিন্তু ছায়ামূৰ্ত্তী কবিতাই পিছুৱাই যায়। সি কোনোমতে তাইক ধৰিব নোৱাৰে। মেঘৰ কোলাত বিজুলীৰ দৰে মধুৰ হাঁহি এটি মাৰি ছায়া মূৰ্ত্তীয়ে গম্ভীৰ ভাবে কয়,— “প্ৰিয়তম তুমি দিশহাৰা, এন্ধাৰত পথ হেৰুৱাই পোহৰ বিচাৰিছা।” এইয়া চোৱা, মোৰ হাতত তোমাৰ জীৱন প্ৰদীপ। এইটোৱেই ৰাস্তা, চাই লোৱা। মই আলো, মই ৰাস্তা আৰু ময়েই তোমাৰ পথ প্ৰদৰ্শক। ভয় নাই। এই দিব্য আলোৰ সহায়ত তুমি আগবাঢ়া। সদায় মনত ৰাখিবা, — তুমি শিল্পী, কলাকাৰ, সুন্দৰৰ পূজাই তোমাৰ জীৱনৰ ব্ৰত। এই পথে আগবাঢ়া!” এই বুলি কৈ