পৃষ্ঠা:গল্প সংকলন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গল্প সঙ্কলন ২য় ভাগ


বিশেষতঃ এতিয়া তাই মালিকনী—সকলো বিষয়তে। লায়লী যেনিৰা চালক আৰু কমল পৰিচালিত।

 কেতিয়াবা হঠাৎ কবিতা জনীৰ কথ৷ তাৰ মনত পৰে। কবিতা আৰু লায়লীৰ মাজত যেন ভালেখিনি প্ৰভেদ দেখে কমলে আৰু তাইক ওচৰত পাবৰ ইচ্ছা কৰে। কাৰণ যি তাইক এবাৰ অন্তৰেৰে ভাল পাইছে, সি কেতিয়াও কবিতাক পাহৰিব নোৱাৰে। কিন্তু উপায় হীন, পথচ্যুত, অৱ- স্থাৰ দাস হৈ পৰিছে কমল।

 যথা সময়ত “কুমাৰী” নামৰ তেল ছবিখন ( Oil painting ) সম্পূৰ্ণ কৰি লণ্ডনৰ কলা প্ৰদৰ্শনীলৈ পঠালে। কিন্তু বৰ আচৰিত কথা যে— লণ্ডনৰ চিত্ৰাধ্যক্ষসকলে কমলৰ ছবিখন গ্ৰহণ নকৰিলে। আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিনিধিমলক সুৰুচি সম্পন্ন কলাকাৰ্য্য নহয় বুলি তেওঁলোকে ছবিখন ফিৰাই দিলে। কমলে বিষম আঘাত পায়, হতাশা আৰু আত্মগ্লানিত তাৰ মন ভৰি উঠে। এই পৰাজয়ত কলিকতাৰ বিজ্ঞ সমাজ, শিল্প চিত্ৰ-কলামোদীসকলো কম দুঃখীত আৰ আচৰিত হোৱা নাই। কাৰণ এইবাৰ আন্তৰ্জাতিক পৰাৰ এটা আৰু প্ৰাপ্য আসন ভাৰতে হেৰুৱাইছে। ইয়াতকৈ আৰু দুখৰ বিষয় কি হব পাৰে? কমলৰ হল কি? — তেওঁলোকে দুখ ক’ব।

 অৱশেষত কমলে নিজস্ব ভুল বুজিব পাৰিছে, কলংকিনীৰ মায়া জালত পৰি সি জ্ঞান জাক জীৱনৰ মূলমন্ত্ৰ মহাব্ৰত পাতলিছে। লগতে সি হেৰু- ৱাইছে- ধন উপাৰ্জ্জন, সুনাম—যশস্যা আৰু হেৰুৱাইছে —এখনি নিৰ্মল হিয়াৰ পবিত্ৰ প্ৰেম। তাৰ আজি জীৱনৰ সুখ-শান্তি নাই, কলা সৃষ্টিৰ আনন্দ নাই। জীৱনৰ এটি মাৰাত্মক ভুলৰ কাৰণে। এজন বিশ্ববিখ্যাত কলাকাৰ সি। কিন্তু হায়! সংসাৰৰ পাকচক্ৰত পৰি তাৰ ধৰ্ম্ম—“সত্য শিৱ সুন্দৰৰ পূজা,’ সুন্দৰ আৰাধনা, সুন্দৰৰ উপসনা সি অবলীলাক্ৰমে পাহৰি গৈছে—এজনী অভিনেত্ৰীৰ কৃত্ৰিম প্ৰেম-মদিৰাৰাগী পান কৰি। “নুৰ-