পৃষ্ঠা:গল্প সংকলন.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিল্পীৰ হেৰোৱা সপোন

নিজকে খাপ খুৱাই লৱ পাৰিছে। জগত খনৰ দৰে জীৱনটোও পৰিৱৰ্তনশীল।

 বহুতে কয়—কলকতীয়া ভাৰা ঘৰৰ মূৰ ঘুৰোৱা অতিপাত ভাৰাখিনি বচাবৰ কাৰণে কমলে তাৰ চিত্ৰ-কাৰ্য্যালয় স্থানান্তৰিত কৰিছে তেওঁৰ বান্ধবী অভিনেত্ৰী লায়লীৰ আপোন ঘৰ পাচ মহলা অট্টালিকা “নুৰ মঞ্জিল” লৈ। অথচ সকলোৱে জানে কমলৰ আয়-উপাৰ্জ্জন প্ৰচুৰ আৰু ব্যয়ও তদ্ৰূপ! কমল আৰু লায়লী দুয়ো কলাৰ পূজাৰী এজন চিত্ৰকৰ, আনজন অভিনেত্ৰী। দুয়োৰা মিলাপ্ৰীতি, মিলন বা একত্ৰবাস কোনো অস্বাভাৱিক বা বিসদৃশ কথা নহয়। কিন্তু তাকে দেখি শিল্পীৰ কথা—নগৰৰ সাধাৰণ মানুহৰ কথাৰ বিষয় হৈ পৰে। অধিক কৌতূহলী সকলে প্ৰতীক্ষা কৰে কিবা অৱশ্যম্ভাবী ঘটনালৈ।

 খৰৰ ৰাখোতা সকলে জানিব পাৰে, শ্ৰীমতী লায়লীয়ে মোহিনীৰ দৰে আকৰ্ষণীয় শক্তিৰে, বিজয়িনীৰ দৰে বিজয় গৰ্ব্বে নিজৰ অভিষ্ট দেৱতাক পৰ্ব্বতৰ ওখ টিঙৰ পৰা হেলাৰঙে নমাই আনি নিজৰ প্ৰেম কক্ষত স্থাপন কৰিলে। বিজ্ঞলোক সকলে প্ৰমাণ গণে। কিন্তু উপায় হীন নীৰব দৰ্শকৰ নিচিনা নীৰৱে চাই থাকে কমলন ঘটনাৱলীলৈ। সুৰুচি বৰ্জ্জিত বিলাস আৰামত সুখ য়লিলত এজন বিশ্ব বিশ্ৰুত কলা কুশলীয়ে ডুব দিলে — মধুৰ লোভত নে, শিল্পৰ সাধনাত?

 অহা লণ্ডন কলা প্ৰদৰ্শনী ( London Art Exhibitian) ত দিবৰ কাৰণে কমলে এখন ডাঙৰ ছবি আকিছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁ অবিৰাম পৰিশ্ৰম কৰিছে ছবিখন সম্পূৰ্ণ কৰিবলৈ। ছবিৰ মডেল বা আৰ্হি লায়লী নিজেই। থিয়েটাৰৰ জৰুৰী ‘ৰিহাচল’ বাদ দিও কমলৰ লগতে ষ্টুডিঅ'ত অনেক সময় থাকিব লগা হৈছে। বাধ্য হৈ নিজৰ অন্নিচ্ছা সত্ত্বেও কামৰ সময়ত লায়লীক এৰি দিছে। তথাপি তাইৰ স্বাধীন ইচ্ছাত বাধা নাই!