পৃষ্ঠা:গল্প সংকলন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গল্প সঙ্কলন ২ ভাগ


বাতিৰ পোহৰত জিলিকি উঠিছে বিশ্ববিখ্যাত শিল্পী কমলৰ কাৰ্য্যালয় ‘ষ্টুডিয় এভাৰ গ্ৰীন’ (Studio Ever Green )। ভাৰতৰ বৃহত্তম কলিকতা নগৰীৰ অতি সম্ভ্ৰান্ত ঠাইত। আজি কমলৰ নাম নজনা মানুহ খুব কমেই ওলাব। তেওঁৰ সুনাম যশস্যা য’তে ততে, লৰা ডেকা বুঢ়া সকলোৰে মুখে মুখে। আজি কালি তেওঁ সমাজৰ ওখ খাপত সম্ভ্ৰান্ত অভিজাত শ্ৰেণীৰ মাজত বিলাসী আড্ডাবোৰত ( Fashionable Club ) চলা ফিৰা কৰে ‘টেক্সী’ বা ‘কাৰ’ নহলে খোজকে নাকাঢ়ে। কমলৰ চিত্ৰালয় ( Studio ) হৈ উঠে নগৰীৰ সম্ভ্ৰান্ত ধনী শিল্প-কলা মোদীসকলৰ এটা বৃহৎ আড্ডা আৰু ব্যৱ- সায়ৰ কেন্দ্ৰ। কমলৰ আয় উপাৰ্জ্জনো হয় তদনুৰূপ।

 প্ৰতিচ্ছবি চিত্ৰকাৰ (Portrait painter ) হিচাবে কমল সিদ্ধ হস্ত অদ্বিতীয়; শিল্পী মহলত তেওঁৰ খুব সমাদৰ। কম সময়ৰ ভিতৰতে কমলে উন্নতিৰ জখলাভ খোপে খোপে, উঠি গল। কমল আজি সমাজৰ উচ্চ স্তৰত সুপ্ৰতিষ্ঠিত। তেওঁৰ ‘ষ্টুডিয়’লৈ আহে ধনী, বিলাসী ডেকা-গাভৰুৰ দল, চিত্ৰতাৰকা, অভিনেতা-অভিনেত্ৰী চিনেমা ব্যৱসায়ী, বিজ্ঞাপন দাতা আদি হৰেক ৰকমৰ মানুহ। দুৱাৰ মুখত অসম্ভৱ ভীৰ। মানুহৰ হেঁচাত কমলৰ খাৱৰ-শুবৰ এনে কি জিৰণিৰো সময় নাই।

 কলিকতা ৰঙ্গমঞ্চৰ ( stage ) বিখ্যাত অভিনেত্ৰী চিত্ৰতাৰকা শ্ৰীমতী লায়লীৰো কমলৰ কাৰ্য্যালয়ত ঘনাই আগমন দেখি নগৰীৰ মানুহবিলাক কম আচৰিত হোৱা নাই। কেতিয়াবা দুয়োজনে একেলগে বালিগঞ্জত লেক’ৰ পাৰত, সন্ধ্যাবেলা পাৰ্কত, অভিজাতপূৰ্ণ চৌৰিশী অঞ্চলত লায়লীৰ মটৰত সান্ধ্য ভ্ৰমণ, দুয়োজনে Metro আৰু Light House প্ৰেক্ষাগৃহত ৰাতিৰ প্ৰদৰ্শনী (Night show ) চাইছে। কেতিয়াবা সম্ভ্ৰান্ত ‘নৈশ ক্লাব’ বোৰত নাচ গান আৰু আহাৰ কৰিছে। কমলৰ কাৰণে জীৱনৰ ইও এক নতুন অভিজ্ঞতা। যি হ’ক জীৱনৰ নতুন ৰূপত, নতুন অভিজ্ঞতাৰ লগত তেওঁ