পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
গল্পাঞ্জলি

আকৌ কলোঁ, “মোক ত্যাগ কৰক; মোক ত্যাগ কৰক।” মোহনে কলে, “কমল! এনে নিদাৰুণ কথা শুনাই তুমি কি সুখ পোৱা?” মই মোহনৰ ভৰিত পৰি কলোঁ, “আপুনি দেৱতা।” আৰু কথা নোলাল। গিৰিগিৰকৈ চকুলো পৰিব ধৰিলে। মনতে ভাবিলোঁ, এনে হেন দেৱ-চৰিত্ৰ; ইয়াক পাপিনীৰ সংস্পৰ্শত মলিন হবলৈ নিদিওঁ। এদিন মাজ নিশা মোহনৰ অজ্ঞাতসাৰে ঘৰৰপৰা বাহিৰ হলোঁ; সিদিনাৰেপৰা মই সন্ন্যাসিনী।”

____